ৰাজ্যত ৭ জুনলৈ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্রৰঃ অসমত দক্ষিণ–পশ্চিম মৌচুমী বতাহৰ প্রৱেশ
নিয়মীয়া বাৰ্তা, ৩ জুনঃ অসমসহ উত্তৰ পূর্বাঞ্চলত প্রৱেশ কৰিছে দক্ষিণ–পশ্চিম মৌচুমী বতাহ৷ যাৰ বাবে সমগ্র ৰাজ্যত অহা ৭জুনলৈ বিজুলী ঢেৰেকনিৰে বৰষুণ হোৱাৰ আগজাননী প্রকাশ কৰিছে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্রই৷ আজিৰ পৰা প্রৱেশ কৰা মৌচুমী বতাহৰ ফলত হ’বলগীয়া বৰষুণৰ প্রতি লক্ষ্য ৰাখি কাইলৈ অৰেঞ্জ এলার্ট জাৰি কৰা হৈছে৷ অর্থাৎ এই সময়ছোৱাত বিজুলী ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণ হ’ব৷ আনহাতে ৫, ৬ আৰু ৭ জুনত ইয়েল’ এলার্ট বতৰ বিজ্ঞান কেন্দ্রই জাৰি কৰিছে৷ এই তিনিওটা দিনতে ৰাজ্যৰ প্রান্তে প্রান্তে পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ অসমৰ লগতে দক্ষিণ–পশ্চিম মৌচুমী বতাহে সমগ্র উত্তৰ পূর্বাঞ্চলকে সামৰি লোৱাৰ বাবে অৰুণাচল প্রদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয় আৰু ত্রিপুৰাতো অহা ৭জুন পর্যন্ত বৰষুণ হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্রই আগজাননী দিছে৷ এইবাৰ যথেষ্ট আগতীয়াকৈ উত্তৰ–পূর্বাঞ্চলত দক্ষিণ–পশ্চিম মৌচুমী বতাৰ আগমন ঘটিছে বুলিও বতৰ বিজ্ঞান কেন্দ্রই সদৰী কৰিছে৷