নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাহাৰৰ পৰা এজন বিধায়কে লাভ কৰিব মন্ত্রিত্ব

নিয়মীয়া বাৰ্তা ৪ জুন: মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে এবছৰ সম্পূর্ণ কৰাৰ সময়তে সম্প্রসাৰণকৰিবলৈ সাজু হৈছে মন্ত্রীসভা৷ মুখ্যমন্ত্রী ড০ শর্মাই ইতিমধ্যে ঘোষণা কৰিছে যে অহা ৯ জুনত ১১ বজাত হ’ব মন্ত্রীসভাৰ ক্ষুদ্র সম্প্রসাৰণ হ’ব৷ এনে ঘোষণাক লৈয়ে শেহতীয়াকৈ উত্থাপন হৈছে এক প্রশ্ণৰ৷

আলফা (স্বাধীন)ক ক্ষমা খুজি মুখ্যমন্ত্রীৰ ৰোষত পৰা মন্ত্রী সঞ্জয় কিষাণক মন্ত্রিত্বৰ পৰা অপসাৰণ কৰা হ’ব নেকি? সঞ্জয় কিষাণৰ স্থানতেই নতুন মন্ত্রী অন্তর্ভুক্ত হ’ব নেকি? বিষয়টোক লৈ চলা এনে চর্চাৰ মাজতে আজি কার্বি আংলঙত মুখ্যমন্ত্রী ড০ শর্মাৰ স্পষ্ট ঘোষণা– মন্ত্রীসভাৰ পৰা কোনো মন্ত্রীক অপসাৰণ কৰা নহয়৷ কার্বি আংলঙৰ নির্বাচন সামৰি মন্ত্রীসভাত কোন অন্তর্ভুক্ত হ’ব সেয়া মই চিন্তা কৰিম৷

উল্লেখ্য যে আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক লৈ প্রথমে সৰৱ হোৱা আৰু পৰৱর্তী সময়ত সংগঠনটোৰ ভাবুকিৰ পাছত আলফাক ক্ষমা খোজাক লৈ তীব্র বিতর্কৰ মাজত সোমাই পৰিছিল মন্ত্রী সঞ্জয় কিষাণ৷ আনকি মুখ্যমন্ত্রীয়ে আলফাক ক্ষমা খোজাৰ বাবে কৈফিয়ৎ তলব কৰিছিল মন্ত্রীগৰাকীক৷ মন্ত্রীসভাৰ সম্প্রসাৰণক লৈ চলা চর্চাৰ মাজতে সঞ্জয় কিষাণৰ বিষয়টো সাংবাদিকক মুখ্যমন্ত্রীৰ দৃষ্টিগোচৰ কৰাত তেওঁ কয়– সঞ্জয় কিষাণৰ ভুলৰ বাবে তেওঁক যি ক’ব লাগে, সেয়া লিখিত আকাৰত জনাই দিছোঁ৷ মুখ্যমন্ত্রী ড০ শর্মাই মন্ত্রীসভাৰ সম্প্রসাৰণত কোনো মন্ত্রীকে অপসাৰণ কৰা নহয় বুলি পুনৰ উল্লেখ কৰে৷

মন কৰিবলগীয়া যে ৯ জুনত হ’বলগা মন্ত্রীসভাৰ সম্প্রসাৰণৰ বাবে কেন্দ্রীয় নেতৃত্বৰ অনুমোদন বিচাৰি সম্ভাব্য মন্ত্রীৰ তালিকা লৈ অহা ৬ জুনত দিল্লীলৈ যাব মুখ্যমন্ত্রী ড০ শর্মা৷ ইফালে, ৯ জুনত হ’বলগা মন্ত্রীসভাৰ সম্প্রসাৰণক লৈ কোনোধৰণৰ মন্তব্য প্রকাশ কৰাৰ পৰা বিৰত আছে অগপ৷ মন্ত্রীসভাত অগপ দলৰ পৰা আৰু এজনে স্থান পাব লাগে বুলি দাবী তুলি অহা অগপ সভাপতি অতুল বৰাই  বিষয়টো সন্দর্ভত নীৰৱে থকাৰ সমান্তৰালকৈ মন্ত্রীসভাৰ সম্প্রসাৰণ মুখ্যমন্ত্রীৰ বিষয় বুলি কৈ আঁতৰি থাকিল৷

You might also like