নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ ক’ৰোনা ভাইৰাছক লৈ বিশ্বজুৰি আতংক অব্যাহত থকাৰ মাজতে কলকাতা পালেহি এই মাৰাত্মক ভাইৰাছ । কলকাতা প্ৰথমবাৰৰ বাবে এই ভাইৰাছৰ সন্দেহত এগৰাকী চীনৰ মহিলাক ভৰ্তি কৰোৱা হৈছে হাস্পতালত । জ’ হুৱামিন নামৰ ২৮ বছৰীয়া এইগৰাকী মহিলাক বেলাঘাটৰ আইডি হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।
৬ মাহ পূৰ্বে ভ্ৰমণৰ বাবে ওলোৱা মহিলাগৰাকী নামিবিয়া, মৰিছাছ, মাদাগাস্কা হৈ বিগত ২৪ জানুৱাৰীত ভাৰতত প্ৰৱেশ কৰে । তাৰ পাচতেই ক’ৰোনা ভাইৰাছৰ সন্দহেত এপ’ল হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও দেওবাৰে পুনৰ মহিলাগৰাকীক স্থানান্তৰ কৰা হয় বেলাঘাট হাস্পতাললৈ ।
ইতিমধ্যে চীনত এই ভাইৰাছে লৈছে বিধ্বংসী ৰূপ । বৰ্তমানলৈকে প্ৰায় ৮১ জন লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰাৰ লগতে আক্ৰান্ত হৈ আছে প্ৰায় হাজাৰোধিক । দেশ-বিদেশলৈ বিয়পিছে এতিয়া এই ভাইৰাছৰ আতংক ।