নগাঁৱতো আজিৰে পৰা আৰম্ভ হৰ ঘৰ দস্তক ২.০
বিশেষ বাৰ্তা, ৬ জুনঃ ৰাজ্যৰ অন্যান্য জিলাৰ দৰে নগাঁও জিলাতো অহা ৬ জুনৰ পৰা ২১ জুনলৈ ঘৰে-ঘৰে গৈ ক’ভিড প্ৰতিষেধক প্ৰদান অভিযান ‘হৰ ঘৰ দস্তক ২.০’ ৰূপায়ন কৰা হ’ব । আজি নগাওঁ জিলাৰ উপায়ুক্ত নিসৰ্গ হাগৱে য়ে নগাওঁ চহৰৰ ভোগেশ্বৰী ফুকণনী অসামৰিক চিকিৎসালয়ত হৰ ঘৰ দস্তক ২.০ ৰ শুভাৰম্ভ কৰে। শুভ উদ্বোধনী সভাত নগাওঁ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডঃ অৰূপজ্যোতি মহন্তই এই অভিযান সন্দৰ্ভত বিতংভাবে ব্যাখ্যা আগবঢ়ায়। তেওঁ জানিবলৈ দিয়ে যে ‘হৰ ঘৰ দস্তক ২.০’ অভিযানৰ অধীনত এইসকল লোকৰ ঘৰে ঘৰে গৈ চিকিৎসক-স্বাস্থ্যকৰ্মীৰ দলে প্ৰতিষেধক প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে । অৱশ্যে দুটা সুকীয়া মোবাইল নম্বৰ ব্যৱহাৰ কৰি প্ৰতিষেধক গ্ৰহণ কৰা, ফোন হেৰুওৱা, অন্য ঠাইৰ পৰা আহি বা অন্য ঠাইলৈ গৈ প্ৰতিষেধক লোৱা, বাহিৰৰ পৰা অহা শ্ৰমিক, মৃত্যু হোৱা লোক আদিৰ নাম কৰ্তন কৰিলে প্ৰতিষেধক লোৱাৰ সময় উকলি যোৱা লোকৰ সংখ্যা যথেষ্ট হ্ৰাস পাব বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে যিসকল লোকে এতিয়াও প্ৰথম পালি প্ৰতিষেধক ল’বলৈ বাকী আছে তেওঁলোককো এই অভিযানৰ অধীনত চিনাক্ত কৰি প্ৰতিষেধক প্ৰদান কৰা হ’ব । উল্লেখযোগ্য যে অহা ৬ তাৰিখৰ পৰা প্ৰথমে বিদ্যালয়সমূহত প্ৰতিষেধক প্ৰদান অভিযান তীব্ৰতৰ কৰিব। উল্লেখযোগ্য যে এই অভিযান সফল কৰাৰ বাবে আশা, অংগনৱাড়ী কৰ্মী, পঞ্চায়ত প্ৰতিনিধি আৰু গাঁওবুঢ়াসকলক লগত লৈ ঘৰে-ঘৰে গৈ প্ৰতিষেধক ল’বলৈ সৈমান কৰাব লাগিব লগতে চাহ বাগিচাসমূহত প্ৰতিষেধক প্ৰদানৰ হাৰ বৃদ্ধি কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । সভাত অতিৰিক্ত উপায়ুক্ত ( টীকাকৰণ) দেৱজানি বৰা, অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য) প্ৰশান্ত বৰুৱা, জিলা টিকাকৰণ বিষয়া ডঃ মুকুট ডেকাৰ লগতে বহু কেইজন স্বাস্থ্য কৰ্মীয়ে অংশগ্ৰহণ কৰে।
প্ৰেৰক কনক হাজৰিকা