হজৰত মহম্মদক লৈ বিতৰ্কিত মন্তব্য কৰা কোন এইগৰাকী নূপুৰ শৰ্মা, কেজৰিৱালৰ বিৰুদ্ধেও খেলিছে নিৰ্বাচন
বিশেষ বাৰ্তা, ৭জুনঃ টেলিভিছন শ্ব’ত ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ নূপুৰ শৰ্মাই কৰা মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰাৰ লগতে উপসাগৰীয় দেশসমূহৰ পৰাও ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ পিছতে ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ পদৰ পৰা নূপুৰ শৰ্মাক নিলম্বন কৰিছে। পিছত শৰ্মাই বিতৰ্কিত বক্তব্য প্ৰত্যাহাৰ কৰি টুইটাৰত কয় যে কাৰো ধৰ্মীয় অনুভৱত আঘাত দিয়াটো তেওঁৰ উদ্দেশ্য কেতিয়াও নাছিল।
নূপুৰ শৰ্মা কোন?
তেওঁৰ লিংকডইন প্ৰফাইল অনুসৰি নূপুৰ শৰ্মা পেছাত এগৰাকী অধিবক্তা আৰু এগৰাকী বিশিষ্ট বিজেপি নেত্ৰী। দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আইন স্নাতক হোৱাৰ পিছত ২০১১ চনত লণ্ডন স্কুল অৱ ইকনমিক্সৰ পৰা এল এল এম সম্পূৰ্ণ কৰিছিল তেওঁ।
কলেজীয়া দিনৰ পৰাই তেওঁ ৰাজনীতিৰ লগত জড়িত। লিংকডইন প্ৰফাইল অনুসৰি ২০০৯ চনৰ জুলাই মাহৰ পৰা ২০১০ চনৰ জুন মাহলৈকে টিচ ফৰ ইণ্ডিয়াৰ এম্বেছাদৰ হিচাপেও কাম কৰিছিল।
ৰাজনৈতিক কেৰিয়াৰঃ
অষ্ট্ৰেলিয়া-ইণ্ডিয়া য়ুথ ডাইলগৰ তথ্য অনুসৰি ২০০৮ চনত দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ লগে লগে শৰ্মাৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণি হৈছিল। ইয়াৰ পিছতে তেওঁ বিজেপিৰ যুৱ শাখাৰ সৈতে কাম কৰিছিল।
অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাঃ
২০১৫ চনৰ দিল্লী বিধানসভা নিৰ্বাচনত নতুন দিল্লীৰ আসনৰ পৰা আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল শৰ্মাই। অৱশ্যে সেইবেলি বেয়াকৈ পৰাজিত হৈছিল তেওঁ।