নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিল্পী বিতোপন দুৱৰালৈ নেবকছৰ শ্ৰেষ্ঠ জনপ্ৰিয় ঢুলীয়াৰ ৰাষ্ট্ৰীয় বঁটা

বিশেষ বাৰ্তা, ৭জুনঃ জনপ্ৰিয় ঢোল বাদক বিতোপন দুৱৰাই নিজ কৃতিত্বৰে জিনিলে নেবকছৰ বিশেষ ৰাষ্ট্ৰীয় বঁটা ৷ “১৫তম বাৰ্ষিক নেবকছ নেচনেল এৱাৰ্ড ২০২২ ” অনুষ্ঠানত মহানগৰীৰ জ্যোতি চিত্ৰবনত শিল্পীগৰাকীলৈ আগবঢ়োৱা হয় এই উষ্ম সন্মান ৷ বহুজন গণ্যমান্য ব্যক্তিৰ উপস্থিতিত বিতোপন দুৱৰাক এই বঁটা প্ৰদান কৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ বিশিষ্ট অভিনেতা চম্পক শৰ্মাই ৷ সাংস্কৃতিক মুখৰ পৰিবেশেৰে আয়োজিত অনুষ্ঠানটোত সভাপতি, জনপ্ৰিয় সাংস্কৃতিক কৰ্মী গগনাষ্টম গগৈৰ সহযোগত শিল্পী বৰ্ণালী বৰদলৈয়ে আঁত ধৰি বিতোপনৰ এই কৃতিত্বক শলাগ লয় ৷ বিতুপন দুৱৰাইও এই বঁটা ৰাইজৰ মৰম আৰু আপোনতাৰ বাবেই লাভ কৰিবলৈ সক্ষম হোৱা বুলি কৈ আগন্তুক দিনত অধিক উদ্যমেৰে কাম কৰি যাব বুলি সংকল্পবদ্ধ হয় ৷ একেটা অনুষ্ঠানত চম্পক শৰ্মা, মৃদুল ভূঞা, ৰবি শৰ্মাক প্ৰমূখ্য কৰি সমাজৰ ভিন্নজন সফল ব্যক্তিক বঁটা প্ৰদান কৰা হয় ৷ নেবকছৰ সভাপতি গগনাষ্টম গগৈৰ সবল নেতৃত্বত উদ্‌যাপন হোৱা এই বৰ্ণাঢ্য অনুষ্ঠানত “বৰলুইলত” নামৰ এখনি ৰঙীন সচিত্ৰ মুখপত্ৰও উন্মোচন কৰা হয় শিল্পী বিদ্যাসাগৰ বৰাৰ দ্বাৰা ৷ বিতোপন দুৱৰাৰ এই সাফল্য স্বাভাৱিকতে শিল্পী সমাজ আৰু গৃহ জিলা ডিব্ৰুগড়ত উছাহৰ ঢৌ উঠিছে ৷

প্ৰেৰক বিভাস দুৱৰা

You might also like