নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইৰাকৰ শুকান নদী বক্ষত প্রাচীন চহৰৰ সন্ধান

নিয়মীয়া বাৰ্তা, ৭ জুন:  মধ্যপ্রাচ্যৰ দেশ ইৰাকত দীর্ঘদিন ধৰি অব্যাহত আছে খৰাং পৰিস্থিতি৷ অভাৱনীয় খোৰাঙৰ ফলত দেশখনৰ বহু নদী শুকাই গৈছে৷ শেহতীয়াকৈ দেশখনৰ টাইগ্রীছ নদীৰ বক্ষ শুকাই যোৱাৰ পাছতে দৃশ্যমান হৈছে প্রাচীন চহৰৰ ধ্বংসাৱশেষ৷ মেছ’পটেমিয়া সভ্যতাৰ প্রাণকেন্দ্র ইৰাকৰ মৰুবক্ষত ইয়াৰ পূর্বে বহু প্রাচীন চহৰৰ ধ্বংসাৱশেষ উদ্ধাৰ হৈছিল৷ শেহতীয়াকৈ টাইগ্রীছ নদীৰ শুকাই যোৱা বক্ষত প্রত্নতাত্ত্বিকসকলে আৰম্ভ কৰিছে খনন৷ এই খনন কার্যত সন্ধান পোৱা গৈছে ৩,৪০০ বছৰীয়া পুৰণি চহৰৰ ধ্বংসাৱশেষৰ৷ প্রত্নতত্ত্ববিদ তথা ইতিহাসবিদসকলৰ অনুমান অনুসৰি এই চহৰ আছিল মিট্টানি সাম্রাজ্যৰ অংশ বিশেষ৷ খ্রীষ্টপূর্ব ১৫৫০ৰ পৰা ১৩৫০ৰ ভিতৰত এই সভ্যতা গঢ়ি উঠিছিল মেছ’পটেমিয়াত৷ ইৰাকৰ কিমিউনৰ উর্দিস্তান অঞ্চলত চহৰখনৰ ভগ্ণাৱশেষ উদ্ধাৰ হোৱাৰ লগে লগে দেশখনত বহু অজানা প্রাচীন সভ্যতাৰ স্মাৰক পোৱা যাব বুলি উৎসুক হৈ পৰিছে প্রত্নতাত্ত্বিকসকল৷

You might also like