নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত আত্মঘাতী বোমা বিস্ফোৰণৰ ভাবুকি আল-কায়দাৰ, হজৰত মহম্মদৰ অপমানৰ প্ৰতিশোধ

বিশেষ বাৰ্তা, ৮ জুনঃ হজৰত মহম্মদৰ অপমানৰ প্ৰতিশোধ ল’বলৈ ভাৰতীয় উপমহাদেশৰ আল কায়দাই ভাৰতত আত্মঘাতী বোমা বিস্ফোৰণৰ ভাবুকি দিছে। ৬ জুনত প্ৰকাশিত এক ভাবুকি পত্ৰত আল কায়দাই দিল্লী, মুম্বাই, উত্তৰ প্ৰদেশ আৰু গুজৰাটৰ দৰে চহৰত আত্মঘাতী আক্ৰমণ চলাই নবীৰ সন্মানৰ বাবে যুঁজ দিব বুলি প্ৰকাশ কৰিছে। ইয়াৰ পিছতে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাসমূহ সষ্টম হৈ পৰিছে। সকলো ৰাজ্যকে চোৰাংচোৱা সংস্থাই এই ভাবুকিৰ বিষয়ে অৱগত কৰাৰ লগতে হাই এলাৰ্ট জাৰি কৰিছে। উল্লেখণীয় যে, হজৰত মহম্মদক লৈ বিজেপিৰ দুই নেতাই মন্তব্য কৰাৰ পিছত যি বিতৰ্কৰ সৃষ্টি হৈছে তাৰ প্ৰতিক্ৰিয়া হিচাপে এই কথা কৈছে আল কায়দাই।

You might also like