নিজৰ সৈতে বিবাহ সম্পন্ন হ’ল ক্ষমা বিন্দুৰ, দুদিন আগতেই কিয় পাতিলে বিয়াখন
বিশেষ বাৰ্তা, ৯ জুনঃ গুজৰাটৰ সেই যুৱতীয়ে অৱশেষত বিয়া পাতিলে। আন কাৰো সৈতে নহয়, নিজৰ সৈতেই বিয়াত বহিল ক্ষমা বিন্দু। বিয়াৰ সকলোবোৰ নীতি-নিয়ম মানি ঠিক যিদৰে ভাবিছিল তেনেদৰেই নিজকে বিয়া পাতিলে ক্ষমাই। কেৱল বিয়াৰ তাৰিখ আগুৱালে। যিটো তাৰিখ ঘোষণা কৰা হৈছিল তাৰে দুদিন আগতে বিয়াখন সম্পন্ন হ’ল। বৰ আনন্দৰে ক্ষমা বিন্দুৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে এতিয়া তেওঁ এগৰাকী বিবাহিত মহিলা, খুবেই ভাল লাগিছে। কিন্তু কিয় বিয়াৰ দিন আগুৱালে? ক্ষমাই ক’লে- তেওঁৰ এই বিয়াখনক লৈ বহুতেই আপত্তি কৰিছে। যিহেতু আগতেই বিয়াৰ তাৰিখ ঘোষণা কৰা হৈ গৈছিল সেয়ে কোনোবাই সিদিন গণ্ডগোল লগোৱাৰ ভয়তে ১১ তাৰিখৰ সলনি ৯ তাৰিখতেই বিয়া পাতি পেলালে।