মর্গত পৰি আছে পুত্ৰৰ মৃতদেহ, মোকলাবলৈ লাগে ৫০ হাজাৰ, উপায়ন্তৰ পিতৃ-মাতৃয়ে ভিক্ষাৰ বাবে নামিছে পথত
বিশেষ বাৰ্তা, ৯ জুনঃ বয়সৰ ভৰত হাউলি পৰা বৃদ্ধ দম্পতি, তথাপিও দৌৰি দৌৰি ঘুৰিছে লোকৰ দুৱাৰে দুৱাৰে, ভিক্ষা কৰিছে হাত পাতি। আন ভিক্ষুক দম্পতিৰ সৈতে অৱশ্যে তেওঁলোকৰ পাৰ্থক্য আছে। কাৰণ জীৱন যাপনৰ বাবে টকাৰ দৰকাৰ হোৱা নাই, তেওঁলোকক টকাৰ প্ৰয়োজন হৈছে তাতোকৈ ডাঙৰ এটা কাৰণতহে। হাস্পাতালৰ মর্গত শুই আছে তেওঁলোকৰ সন্তান। মৃতদেহটো আনিবলৈ লাগে ৫০ হাজাৰ টকা। অত টকা ক’ত পাব দৰিদ্র বৃদ্ধহালে! সেয়ে পথত ভিক্ষাৰ বাবে নামিছে।বিহাৰৰ সমষ্টিপুৰৰ এই ঘটনাৰ এটা ভিডিঅ’ ক্লিপ সম্প্রতি ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। তাৰ পাছতেই সম্মুখলৈ আহিছে ঘটনাটো।
समस्तीपुर- जवान बेटे का पोस्टमार्टम के लिए माता पिता कर रहा है भिक्षाटन,पोस्टमार्टम कर्मी ने कहा 50 हज़ार लाओ और बेटे का शव ले जाओ।
यहां जीना भी मुश्किल और मरना भी मुश्किल।#बिहार pic.twitter.com/SZew1K1rwL
— Mukesh singh (@Mukesh_Journo) June 8, 2022
পত্নী আৰু পুত্ৰক লৈ অভাৱীয়া সংসাৰ আছিল সমষ্টিপুৰৰ মহেশ ঠাকুৰৰ। হঠাৎ এদিন পুত্ৰ নোহোৱা হ’ল। কিছুদিন পাছত ফোন আহিল যে তেওঁলোকৰ পুত্ৰৰ মৃত্যু হৈছে। সমষ্টিপুৰ সদৰ হাস্পাতালত দেহটো ৰখা হৈছে। শোকবিহ্বল মাক-দেউতাক থানাত উপস্থিত হ’ল। কিন্তু অভিযোগ, পুত্ৰৰ মৃতদেহৰ বিনিময়ত মোটা ধন দিব লাগিব, দাবী কৰিছে স্বাস্থ্যকর্মীসকলে। ৫০ হাজাৰ টকা নিদিলে মৃতদেহ দিয়া নহ’ব। অনুনয়-বিনয় কৰাৰ পাছতো পুত্ৰৰ মৃতদেহ ওভোতাই নাপাই অৱশেষত ভিক্ষা কৰাত লাগিছে মহেশ ঠাকুৰ আৰু তেওঁৰ পত্নী।