নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্ৰিটনী স্পিয়াৰ্ছৰ গোপন বিবাহত প্ৰাক্তন স্বামীৰ উদ্ভণ্ডালি, বিবাহথলীত আহিব লগা হ’ল আৰক্ষী

বিশেষ বাৰ্তা, ১০ জুনঃ বৃহস্পতিবাৰে পপ সংগীতৰ ৰাজকুমাৰী বুলি খ্যাত ব্ৰিটনী স্পিয়াৰ্ছৰ বিবাহ আছিল। কিন্তু তাতেই লাগিল হাহাকাৰ। এইখন বিয়াত বাধাৰ সৃষ্টি কৰিলে পপ তাৰকাগৰাকীৰ প্ৰাক্তন স্বামীয়ে। সংবাদ মাধ্যমে জনোৱা মতে, লছ এঞ্জেলছৰ ওচৰৰ নিজৰে বিলাসী পেডত স্পিয়াৰ্ছ আৰু তেওঁৰ সংগী ছেম আছঘাৰীয়ে বিয়াৰ বাবে সাজু হৈছিল। ঠিক তেনেতে প্ৰাক্তন স্বামী জেছন আলেকজেণ্ডাৰে বিবাহস্থলীৰ গেট আদি ভাঙি বিবাহৰ কাৰ্যবিধিত বাধাৰ সৃষ্টি কৰে। পাছত আৰক্ষীয়ে আহিহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ২০০৪ চনত ৪০ বছৰীয়া গায়িকাগৰাকীয়ে অতি অনুষ্টুপীয়াকৈ বিবাহপাশত আবদ্ধ হৈছিল শৈশৱৰ বন্ধু জেছন আলেকজেণ্ডাৰৰ সৈতে। কিন্তু তেওঁৰ সৈতে মাত্ৰ ৫৫ দিনৰ ভিতৰতে বিচ্ছেদ হৈছিল। পাছত আকৌ বিবাহত বহিছিল ব্ৰিটনী। দ্বিতীয় স্বামীৰ পৰা দুটা সন্তান আছে গায়িকাগৰাকীৰ। পাছত ২০১৬ চনত আছঘৰী আৰু স্পিয়াৰ্ছৰ চিনাকি হৈছিল যেতিয়া তেওঁলোকে একেলগে “স্লাম্বাৰ পাৰ্টি”ৰ এটা মিউজিক ভিডিঅ’ত অভিনয় কৰিছিল। যোৱা বছৰৰ শেষৰ ফালে তেওঁলোক সম্পৰ্কত বান্ধ খোৱাৰ কথা ঘোষণা কৰে। তাৰে পিছৰ পৰা স্পিয়াৰ্ছে তেওঁৰ ২৮ বছৰীয়া সংগীক “স্বামী” বুলি উল্লেখ কৰিবলৈ আৰম্ভ কৰে। কালিৰ বিবাহ অনুষ্ঠান একেবাৰে সীমিত মানুহৰ মাজত সম্পন্ন হয়।

You might also like