নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ সোমবাৰে নতুন দিল্লীত স্বাক্ষৰিত হয় বড়ো শান্তি চুক্তি । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে হোৱা বৈঠকত স্বাক্ষৰিত হয় এই চুক্তি । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগত এনডিএফবৰ চাৰিওটা গোটে স্বাক্ষৰ কৰে এই শান্তি চুক্তিত । ৰঞ্জন দৈমাৰী, হাগ্ৰামা মহিলাৰী , বি চাওৰাইগ্ৰাৰ , প্ৰমোদ বড়ো আৰু গোবিন্দ বসুমতাৰীৰ লগতে ৰাজ্য চৰকাৰৰ হৈ এই চুক্তিত স্বাক্ষৰ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
বড়ো শান্তি চুক্তি স্বাক্ষৰৰ পাচতেই এতিয়া আনন্দৰ বন্যা বড়োভূমিত । সোমবাৰে দুপৰীয়া ১.৩০ বজাত স্বাক্ষৰিত হোৱাৰ পাচতেই সকলোৱে এতিয়া আদৰণি জনাইছে এই চুক্তি । কোকৰাঝাৰ, ওদালগুৰি, বাক্সা আৰু চিৰাঙত দেখা গৈছে আনন্দ । সাধাৰণ জনতাই গীত-নৃত্য আৰু আতচবাজীৰে মুখৰিত কৰি তোলে সমগ্ৰ বড়োভূমি । দীৰ্ঘদিনীয়া আন্দোলনৰ অন্তত বড়ো শান্তি সম্পন্ন হোৱাৰ পাচতেই এতিয়া সকলোৱে কামনা কৰিছে বড়োভূমিলৈ উভতি আহক শান্তি ।
৩৫ বছৰীয়া দীঘলীয়া সংগ্ৰামৰ অৱসানৰ দিনটোত এতিয়া এনডিএফবিৰ প্ৰতিটো গোটে চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আগন্তুক দিনত এই সমূহ চৰ্ত ফলপ্ৰসূ কৰি তোলাৰ আহ্বান জনায় ।