ভাৰতীয়সকলে দুবছৰ বেছিকৈ জীয়াইছে! গড় আয়ুস বাঢ়িছে ৬৯.৭ বছৰলৈ…
বিশেষ বাৰ্তা, ১৩ জুনঃ আয়ুস, অৰ্থাৎ এজন ব্যক্তি কিমান বছৰ জীয়াই থাকিব তাৰ এক আনুমানিক হিচাপ। ভাৰতত মানুহৰ গড় আয়ুস ২০১৫ৰ পৰা ২০১৯ৰ ভিতৰত ৬৯.৭ বছৰলৈ বৃদ্ধি পাইছে। ভাৰতীয়সকলৰ গড় আয়ুস ২ বছৰ বৃদ্ধি হ’বলৈ প্ৰায় ১০ বছৰ সময় লাগিছে। য’ত শিশুৰ মৃত্যুৰ হাৰ বেছি, তেনে বহু ৰাজ্যত আনুমানিক গড় বয়স বৃদ্ধি অধিক দেখা যায়। এনে ৰাজ্যত এবছৰতকৈ অধিক জীয়াই থকা শিশুৰ গড় আয়ুস যথেষ্ট বৃদ্ধি পায়। ভাৰতত গড় আয়ুস বৃদ্ধি পাইছে যদিও আনুমানিক বিশ্বৰ গড় আয়ুস (৭২.৬ বছৰ)তকৈ বহু কম। টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, শেহতীয়াকৈ প্ৰকাশিত Abbreviated Life Table ২০১৫-১৯ ৰ বাবে Sample Registration System (SRS) ৰ তথ্যই দেখুৱাইছে যে জন্মৰ সময়ত আনুমানিক গড় বয়স আৰু এবছৰ বা পাঁচ বছৰ বয়সৰ গড় বয়সৰ পাৰ্থক্য হৈছে শিশুৰ মৃত্যুৰ হাৰ সৰ্বাধিক হোৱা মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যত। দেশৰ ভিতৰতে সদ্যোজাতৰ মৃত্যুৰ হাৰ সৰ্বাধিক (৪৩) ৰাজ্য মধ্যপ্ৰদেশত জন্মৰ প্ৰথম বছৰৰ পিছত আনুমানিক গড় বয়স ২.৭ বছৰ বৃদ্ধি পাইছে। আনহাতে, দ্বিতীয় সৰ্বাধিক (৩৮) সদ্য়োজাতৰ মৃত্যুৰ হাৰ থকা ৰাজ্য উত্তৰ প্ৰদেশত প্ৰথম বছৰ সম্পূৰ্ণ হোৱাৰ পিছত আনুমানিক গড় বয়স ৩.৪ বছৰ পৰ্যন্ত বৃদ্ধি পাইছে। সন্তান জন্মৰ সময়ত আৰু এবছৰ বয়সত আয়ুসৰ সৰ্বাধিক পাৰ্থক্য ৰাজস্থান, ছত্তীশগড়, গুজৰাট, অসম, ওড়িশাকে ধৰি কেইবাখনো ৰাজ্যত পৰ্যবেক্ষণ কৰা হৈছে।