নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম ঢকুৱাখনাৰ ভাটি জালভাৰীত ১৬ সংখ্যক বাৰ্ষিক অধিবেশন সফল সামৰণি

নিয়মীয়া বাৰ্তা, ১৩ জুন: ঢকুৱাখনা মহকুমাৰ পশ্চিম ঢকুৱাখনা গাওঁ পঞ্চায়ত অন্তগত ভাটি জালভাৰী গাওঁ পৰিচালনা সমিতি আৰু অংকুৰিত সোণালী ক্‌ষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত  অনুস্থিত কৰি অহা ১৬ সংখ্যক বাৰ্ষিক অধিবেশনখনি তিনি দিনীয়া বৰ্ণাঢ়্য কাৰ্যসুচীৰে অনুস্থিত হৈ যায় ৷ ভাটি জালভাৰী গাওঁৰ উঠি অহা নৱ প্ৰজন্মক পুঠিগত শিক্ষাৰ উপৰিও শাৰীৰিক , বৌদ্ধিক , ক্ৰিড়া সাহিত্য আদিৰ দিশত মানসিক উৎকৰ্ষ সাধন কৰাৰ মহান লক্ষ্যক আগত ৰাখি গাওঁখনৰ স্বায়ী ৰঙ্গমঞ্চত ১০ জুনৰ পৰা অনুস্থিত কৰা ১৬ সংখ্যক বাৰ্ষিক অধিবেশনৰ কাৰ্যসূচী মতে প্ৰথম দিনা পুৱা পৰিবেশ নিকাকৰণ , গছ পুলি ৰোপণ , পতাকা উত্তোলন . স্মৃতি তৰ্পণ, আদিৰ অন্তত গাঁৱৰ কিশোৰ – কিশোৰী , যুৱক যুৱতী আৰু বোৱাৰী সকলৰ মাজতো ৱিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা সমুহ অনুস্থিত কৰা হয় ৷ দ্বিতীয় দিনা পুৱা পৰিবেশ নিকাকৰণ   সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতা সমুহৰ অন্তত সন্ধিয়া বন্তি প্ৰজ্বলন আৰু সমুহীয়া প্ৰাৰ্থনাৰ অন্তত  টকা বিহু প্ৰতিযোগিতা অনুস্থিত কৰে ৷ অন্তিম দিনা পুৱা পৰিবেশ নিকাকৰণ আৰু ন্‌ত্য প্ৰতিযোগিতাৰ অন্তত গাওঁখনৰ মেধাবী ছাত্ৰছাত্ৰী আৰু বিশিষ্ট ব্যক্তি সকলক সম্বৰ্ধনা আৰু মুল সভা অনুস্থিত কৰি সন্ধিয়া বন্তি প্ৰজ্বলন আৰু সামুহিক প্ৰাৰ্থনাৰ অন্তত ৰাজ্য ভিত্তিত আধুনিক ন্‌ত্য প্ৰতিযোগিতা অনুস্থিত কৰি তিনিওটা দিনৰ সমুহ কাৰ্যসূচী সামৰণি মাৰে ৷

প্ৰেৰক: ৰাজেশ বুঢ়াগোহাঞি

You might also like