নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত বাংলাদেশৰ মালবাহী জলযানৰ কৰ্মীক মাৰপিটৰ ঘটনা সন্দৰ্ভত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ১৩ জুনঃ ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধীকৰণৰ ধুবুৰীৰ পঞ্চুঘাটস্থিত আন্তঃৰাষ্ট্ৰীয়  নদী বন্দৰত দুদিন পূৰ্বে বাংলাদেশৰ মালবাহী জলযান এখনৰ কৰ্মীক মাৰপিট কৰাৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুজন স্থানীয় যুৱকক গ্ৰেপ্তাৰ কৰি আজি ধুবুৰী আদালতত হাজিৰ কৰোৱা বুলি জানিব পৰা গৈছে। স্মৰ্তৱ্য যে, বাংলাদেশৰ পৰা শিল ল’বলৈ বৰ লুইতেৰে ধুবুৰীলৈ অহা বাংলাদেশৰ এখন মালৱাহী জলযানৰ কৰ্মী তথা বাংলাদেশৰ কুৰিগ্ৰামৰ বাসিন্দা বিধান চন্দ্ৰ ৰায়ে বন্দৰটোত লংগৰ পেলোৱাৰ পিছত তেওঁক সুৰেন্দ্ৰ চৌধুৰী আৰু ৰাজা ঘোষ নামৰ দুজন যুৱকে অপ্ৰৰোচিত ভাৱে মাৰপিট কৰাৰ এক অভিযোগ আনিছিল। বিগত ১১ জুনৰ সন্ধিয়াৰ পিনে ফালে সংঘটিত হোৱা সেই ঘটনাৰ পিছদিনা; অৰ্থ্যাৎ কালি ধুবুৰী সদৰ থানাত যুৱকদ্বয়ৰ বিৰূদ্ধে এখন এজাহাৰো দাখিল হৈছিল। উক্ত এজাহাৰৰ ভিত্তিত তদন্ত চলাই আৰক্ষীয়ে সুৰেন্দ্ৰ চৌধুৰী আৰু ৰাজা ঘোষ নামৰ স্থানীয় যুৱক দুজনক গ্ৰেপ্তাৰ কৰি আজি ধুবুৰী আদালতত হাজিৰ কৰায়। ইপিনে ধুবুৰীৰ আন্তঃৰাষ্ট্ৰীয় নদী বন্দৰৰ পৰা বাংলাদেশলৈ শিল আমদানি কৰা বাংলাদেশৰ আমদানিকাৰক তথা ‘মেচাৰ্চ সবুজ এন্টাৰপ্ৰাইজ’ নামৰ প্ৰতিষ্ঠানটোৰ মহম্মদ খুৰশিদ আলমে তেওঁলোকে শিল কঢ়িয়াবলৈ অনা বাংলাদেশী মালবাহী জলযান এখনৰ কৰ্মীএগৰাকীক মাৰপিটৰ ঘটনাত জড়িত থকা যুৱকদ্বয়ক ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ঘটনাত সন্তোষ প্ৰকাশ কৰে। ল’গতে ধুবুৰী আৰু বাংলাদেশৰ মাজত জলপথেদি চলি থকা আমদানি–ৰপ্তানিৰ ব্যৱসায় বৰ্তমানৰ দৰে আগলৈও গৈ মসৃণ ভাৱে চলি থাকিব বুলিও আশা প্ৰকাশ কৰা পোৱা যায় তেওঁ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like