নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্লাছগোত আজিৰে পৰা কমনৱেলথ গেমছ

ডিজিটেল ডেস্ক, ২৩ জুলাই : গ্লাছগোত আজিৰ পৰা আৰম্ভ হ’ব কমনৱেলথ গেমছ ২০২৬৷ আজি ভাৰতে ল’নবলৰ জৰিয়েত প্রতিযোগিতাখনত অভিযান আৰম্ভ কৰিব৷ ২ আগষ্টলৈ চলিবলগীয়া প্রতিযোগিতাখনত ভাৰতৰ মুঠ ১২৫গৰাকী খেলুৱৈয়ে অংশগ্রহণ কৰিব৷ ইয়াৰে মাত্র ৪৮গৰাকী মহিলা খেলুৱৈ৷ ২০২২ চনৰ বার্মিংহাম কমনৱেলথ গেমছৰ তুলনাত এইবাৰৰ কমনৱেলথ গেমছত ভাৰতৰ মহিলা খেলুৱৈৰ সংখ্যা ১০ শতাংশতকৈ অধিক হ্রাস পাইছে৷ ২০২২ চনৰ কমনৱেলথ গেমছৰ ভাৰতীয় দলটোত আছিল ২১৫গৰাকী খেলুৱৈ৷ ইয়াৰে ১০৬জন পুৰুষ আৰু ১০৪গৰাকী মহিলা আছিল৷

আজিৰ পৰা আৰম্ভ হ’বলগীয়া এই সন্মানীয় প্রতিযোগিতাখনত অভিযান আৰম্ভ কৰাৰ পূর্বে বিপদত পৰিছে ভাৰতীয় বক্সিং দলটো৷ গ্লাছগোত উপস্থিত হোৱাৰ লগে লগে বক্সাৰসকলে এক বৃহৎ বিপর্যয়ৰ সন্মুখীন হৈছে৷ মঙলবাৰে গ্লাছগোত উপস্থিত হোৱাৰ সময়ত দলটোৰ প্রায় আধা বয়বস্তু উত্তৰ আয়াৰলেণ্ডৰ বেলফাষ্টত এৰি থৈ যোৱা বুলি জানিব পৰা গৈছে৷ ২২জনীয়া ভাৰতীয় বক্সিং দলটোৱে প্রস্তুতি শিবিৰ সম্পূর্ণ কৰি বেলফাষ্টৰ পৰা গ্লাছগোত উপস্থিত হয়৷ অৱশ্যে সাক্ষী চৌধুৰী, বিশ্ব চেম্পিয়ন জেছমিন লেম্বৰিয়া, পাৰবিন হুদা, যদুমণি সিং, কপিল পোখাৰিয়া আৰু পুৰুষ দলটোৰ মুখ্য প্রশিক্ষক চি কুট্টপ্পাকে ধৰি কেইবাজনো সদস্যৰ বয়বস্তু বিমানখনত তুলিব পৰা নাছিল৷

দলীয় সূত্র মতে বেলফাষ্ট–গ্লাছগো পথত বিমানখনৰ আকাৰ সৰু হোৱাৰ বাবে সকলো বয়বস্তু একেলগে কঢ়িয়াই নিব পৰা নাছিল৷ আজি অনুষ্ঠিত হ’বলগীয়া প্রতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত পৰিধান কৰিবলগীয়া আনুষ্ঠানিক সাজ–পোছাকৰ লগতে প্রশিক্ষণৰ সা–সঁজুলিও বেগসমূহত আছিল৷ ফলত ভাৰতীয় বক্সাৰসকল বিপদত পৰিছে৷ শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব বক্সিং ইভেণ্ট৷ ইয়াৰ পূর্বে তেওঁলোকৰ সকলো বয়বস্তু গ্লাছগোত সোনকালে উপস্থিত হ’ব বুলি দলটোৱে আশা কৰিছে৷ ইয়াৰ মাজতে দলটোৱে আন এক নতুন সমস্যাৰ সন্মুখীন হৈছে৷ বক্সাৰসকলৰ সৈতে একেখন হোটেলতে মহিলা দলৰ প্রশিক্ষকৰ থকাৰ ব্যৱস্থা কৰা হোৱা নাছিল৷ ইয়াৰ ফলত প্রশিক্ষণ আৰু প্রস্তুতিৰ ক্ষেত্রত সমস্যাৰ সৃষ্টি হ’ব পাৰে বুলি উদ্বেগ প্রকাশ কৰিছে৷ এইবাৰৰ কমনৱেলথ গেমছ সৰু পৰিসৰত অনুষ্ঠিত হ’ব৷ ২০২২ চনত বার্মিংহাম কমনৱেলথ গেমছত ১৯বিধ খেল অনুষ্ঠিত হৈছিল৷ কিন্তু এইবাৰ মাত্র ১০ বিধ খেলহে অনুষ্ঠিত হ’ব৷ শ্বুটিং, টেবুল টেনিছ, বেডমিণ্টন, ক্রিকেট আৰু হকীৰ দৰে খেল এইবাৰ বাতিল হোৱাত ভাৰতৰ পদকৰ সংখ্যা হ্রাস পাব পাৰে৷ বার্মিংহামত ২২টা স্বর্ণসহ ৬১টা পদক লাভ কৰি পদক তালিকাৰ চতুর্থ স্থানত আছিল ভাৰত৷

এইবাৰ ভাৰতবাসীৰ দৃষ্টি নিবদ্ধ থাকিব অলিম্পিকত দুটাকৈ পদক জয়ী জেভেলিন থ্র’ৱাৰ নীৰজ চোপ্রা, অলিম্পিকত ব্রঞ্জৰ পদক জয়ী তাৰকা মহিলা বক্সাৰ অসমকন্যা লাভলীনা বৰগোহাঁই আৰু অলিম্পিকত ৰূপৰ পদক জয়ী তাৰকা মহিলা ভাৰোত্তোলক মীৰাবাঈ চানুৰ ওপৰত৷

ইপিনে, লং জাম্পাৰ মুৰালী শ্রীশংকৰ, স্প্রিণ্টাৰ অনিমেষ কুজুৰ, গুৰবিন্দৰ সিং, হাই জাম্পাৰ তেজস্বীন শংকৰ, শ্বট পুটাৰ তেজিন্দৰ পল সিং আৰু মহিলাৰ দীর্ঘ দূৰত্বৰ দৌৰবিদ পাৰুল চৌধুৰীৰ ওপৰতো সকলোৰে দৃষ্টি নিবদ্ধ থাকিব৷

ইপিনে, এইবাৰৰ কমনৱেলথ গেমছৰ বাবে দেশৰ খেলুৱৈসকলৰ প্রস্তুতিৰ বাবে ধন ব্যয় কৰিবলৈ কুণ্ঠাবোধ কৰা নাই কেন্দ্রীয় চৰকাৰে৷ এই প্রস্তুতিৰ বাবে ভাৰত চৰকাৰে ৫৩ কোটি টকা আগবঢ়াইছে৷ ইয়াৰে ২০ কোটি টকা ক্রীড়াবিদসকলৰ বাবে ব্যয় কৰা হৈছে৷ খেলুৱৈসকলে আমেৰিকা ক’লৰাডো, ছুইজাৰলেণ্ড, দক্ষিণ আফ্রিকা আৰু তুৰস্কৰ শ্রেষ্ঠ একাডেমীলৈ গৈ নিজৰ অনুশীলন কৰিছে৷ বক্সাৰসকলে লাভ কৰিছে ১০ কোটি টকা৷ এইবাৰ বক্সিঙৰ পৰা কমেও ১০টা পদক লাভ কৰাৰ আশা কৰা হৈছে৷ জুডোৰ পৰাও একাধিক পদক অহাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে এইবাৰৰ কমনৱেলথ গেমছত ৭৪খন দেশৰ প্রায় তিনি হাজাৰ এথলীটে অংশগ্রহণ কৰিব৷

You might also like