নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাৱঁৰ চৌটাকীত গাঁৱলীয়া পথৰ পুৰণি হিউম পাইপৰ ওপৰতে ঘাইপথ নিৰ্মাণঃ বৰষুণৰ পানীৰ ধলতে বিধ্বস্ত পথ

নিয়মীয়া বাৰ্তা, ১৫ জুনঃ বঙাইগাঁও জিলাৰ তুলুঙীয়াৰ পৰা যোগীঘোপালৈ নিৰ্মীয়মাণ চাৰিলেনযুক্ত  পথ নিৰ্মাণৰ দায়িত্বৰত সংস্থা আৰ এছ বি আই প্ৰাইভেট লিমিটেডে জিলাখনৰ চৌটাকিত গাৱঁলীয়া পথত থকা পুৰনি হিউম পাইপযুক্ত কালভাৰ্ট আতঁঁৰ নকৰাকৈ তাৰ ওপৰেৰে চাৰিশৰীয়া পথ নিৰ্মান কৰাৰ পাছত নেৰানেপেৰা বৰষুণত কৃত্ৰিম বানৰ কৱলত পৰিছে অঞ্চলটো। জানিব পৰা মতে, ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংলগ্নকৈ চৌটাকিত নিৰ্মান কৰা গাৱঁলীয়া পথতে বহুওৱা হৈছিল হিউমপাইপযুক্ত কালভাৰ্ট । স্মৰ্তব্য যে ৰাষ্ট্ৰীয় ঘাইপথটোচাৰিলেনযুক্ত পথ হিচাৱে নিৰ্মান কৰিবলৈ লোৱাত গাঁৱলীয়া পথটোৰ হিউমপাইপ অংশ সামৰি লয় ।নিৰ্মানকাৰী সংস্থাটোৱে হিউমপাইপবোৰ আতঁৰ নকৰাকৈয়ে চাৰিলেনযুক্ত পথ নিৰ্মান কৰাত চাৰিলেনযুক্ত  পথৰ তলতে থাকি যায় হিউমপাইপবোৰ ।এনে অৱস্থাত বিগত কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণত অতিৰক্ত পানীভাগ ওলাই যাব নোৱাৰি কৃত্ৰিম বানৰ সৃষ্টি কৰাৰ লগতে পানীৰ ধলে ৰাষ্ট্ৰীয় ঘাইপথৰ বহু অংশ খহাই নিয়ে। ইয়াৰ পাছতে চাৰিলেনযুক্ত পথৰ এটা অংশ যাতায়তৰ বাবে বন্ধ কৰি দিয়া হয় ।উল্লেখ্য যে গাৱঁলীয়া পথৰ হিউমপাইপৰ ওপৰতে চাৰিলেনযুক্ত পথ নিৰ্মান কৰাৰ পাছতো এন এইচ আই ডিচি এলৰ চকুতে নপৰিল নে নিৰ্মানকাৰী সন্থাৰ অপৰিকল্পিত কামৰ লেকাম ধৰিবলৈ সাহস গোটাব নোৱাৰিলে সেয়া ৰহস্যৰ বিষয় হৈ পৰিছে।আনপিনে চাৰিলেনযুক্ত  পথত কেবাটাও অপৰিকল্পিতভাবে কালভাৰ্ট নিৰ্মান কৰাত পথৰ কাষেৰে বৈ যোৱা কুজিয়া নৈৰ বাঢ়নী পানী ওফন্দি উঠি অপৰিকল্পত কালভাৰ্টৰে পানী সোমোৱাত  বহু গাওঁ ভয়ংকৰ বানৰ কবলত পৰাই নহয় পানীৰ ধলে দুখন গাৱঁৰ সংযোগকাৰী বাহঁৰ দলং উটুৱাই নিয়ে।

প্ৰেৰক টিংকু চন্দ্ৰ দাস

You might also like