নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিঃৰাজ্যলৈ নিয়াৰ চেষ্টাঃ বঙাইগাঁৱৰ গেৰুকাবাৰীত চৰকাৰী চাউল জব্দ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ২০ জুনঃ ৰাজ্যত অব্যাহত বগা চাউলৰ ক’লা বেহা।ৰাজ্যত বন্যাৰ্তই এমুঠি অন্নৰ বাবে হাহাকাৰ কৰি থকা অৱস্থাত চৰকাৰী চাউল ক’লা বজাৰত বিক্ৰী কৰাৰ চেষ্টা একাংশ অসাধু চক্ৰৰ।ইয়াৰ মাজতে কালি নিশা গেৰুকাবাৰী আৰক্ষীৰ অভিযানত বঙাইগাঁও জিলাৰ গেৰুকাবাৰী-জামদহা পথত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ চৰকাৰী চাউল। গেৰুকাবাৰী টহলদাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনয় মালাকাৰৰ নেতৃত্বত এটা আৰক্ষীৰ দলে টহল দি থকা অৱস্থাত UP 13T 6957 নম্বৰৰ এখন দহ চকীয়া ট্ৰাক আৰু AS 01NC 0766 নম্বৰৰ এখন বলে’ৰ পিকাআপ ভানসহ 313 বস্তা চৰকাৰী চাউল জব্দ কৰে।অৱশ্যে আৰক্ষীৰ উপস্থিতিৰ উমান পাই পলায়ন কৰে গাড়ী দুখনৰ চালক কৰ্মচাৰী।ক’লা ব্যৱসায়ী চক্ৰটোৱে চৰকাৰী চাউলৰ বস্তা সমূহ সলনি কৰি ট্ৰাকখনত উঠাই থকা অৱস্থাত আৰক্ষীৰ জালত পৰে।চাউল সমূহ বস্তা সলনি কৰি বহিঃৰাজ্যত লৈ যোৱাৰ চেষ্টা চলোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।জব্দকৃত চাউল সমূহ ১৫ শ কুইণ্টলতকৈও অধিক হ’ব বুলি জানিব পৰা গৈছে। পাছত আৰক্ষীয়ে গাড়ী দুখনসহ চাউলসমূহ গেৰুকাবাৰী তহলদাৰী আৰক্ষী চকীলৈ আনি তদন্ত আৰম্ভ কৰিছে।

প্ৰেৰক বৰ্ণালী তালুকদাৰ

You might also like