মাজুলীত ক্ৰীড়া ভাৰতীৰ উদ্যোগত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন
নিয়মীয়া বাৰ্তা, ২১ জুন : স্বাস্থ্যবান ভাৰত, সুস্থ ভাৰত গঢ়াৰ মানসিকতাৰে দেশৰ প্ৰাচিন কলা যোগক বিশ্বত প্ৰতিষ্ঠা কৰি দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেখোৱা আৰ্দশক সৰোগত কৰি সমগ্ৰ বিশ্বৰ লগতে মাজুলীতো আজি বিশ্ব যোগ দিৱস উদযাপন কৰা হয় ৷ এই উপলক্ষে উজনি মাজুলীৰ বিভিন্ন স্থানৰ লগতে ৰতনপুৰ গায়ন পঞ্চায়তৰ নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ত আৰ এছ এছৰ লগতে মাজুলী জিলা ক্ৰিয়া ভাৰতীৰ উদ্যোগত যোগ দিৱস পালন কৰা হয় ৷ ফুলনি আৰু গায়ন গাঁও শংকৰদেৱ শিশু নিকেতন , নৱজ্যোতি স্কুলৰ লগতে কাষৰীয়া কেইবাখনো বিদ্যালয়ৰ ছাত্ৰছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত যোগ প্ৰশিক্ষণ প্ৰদান কৰে আৰ এছ এছৰ কাৰ্যকত্তা সত্যজিৎ হাজৰিকা, প্ৰসন্ন কাকতি, কাৰ্যবাহ ত্ৰিনয়ন দত্তই ৷ শতাধিক ছাত্ৰছাত্ৰী, পঞ্চায়ত খনৰ বিভিন্ন স্থানৰ লোক উপস্থিত হৈ যোগভ্যাস কৰা পৰিলক্ষিত হয় ৷ যোগভ্যষৰ মহত্ত্ব আৰু ভাৰতত যোগৰ পৌৰাণিক সময়ৰ ইতিবিত্ত আগবঢ়াই আৰ এছ এছ ৰ মাজুলী জিলাৰ সংঘচালক দ্বীপেন হাজৰিকাই অনুষ্ঠানৰ আঁত ধৰে কাৰ্যবাহ ত্ৰিণয়ন দত্তই ৷ আনহাত ৰতনপুৰ আৰ্দশ প্ৰাথমিক বিদ্যালয় খেল ফিল্ডত বিজেপিৰ উদ্যোগত যোগষ্যাস কৰা হয় ৷ এই যোগভ্যাষ স্থানত প্ৰশিক্ষক হিচাপে থাকে প্ৰফুল্ল ৰাজবংশী ৷ ছাত্ৰছাত্ৰী , গাঁওবাসী উপস্থিত থকা যোগভ্যাষত ভাৰতীয় জনতা যুৱ মৰ্চাৰ সম্পাদক ৰঞ্জন মহন্ত , ৰাজ্যিক মেডিয়া আহ্বায়ক বিশ্বজিৎ খাউণ্ড উপস্থিত থাকি প্ৰধানমন্ত্ৰীৰ স্বাস্থ্যবান ভাৰত , সুস্থ ভাৰত গঢ়াৰ পৰিকল্পনা প্ৰধানমন্ত্ৰী নৰন্দ্ৰ মোদীৰ সপোঃৰ আয়ুস পকল্পৰ সম্পৰ্কে বক্তব্য প্ৰদান কৰে৷ এই অনুষ্ঠানৰ আঁট ধৰে বিজেপি নেত্ৰী দিপামনি শইকীয়াই ৷ ইফালে ভকতিদুৱাৰ স্বাস্থ্য আৰু কল্যান কেন্দ্ৰতো যুগদিৱস উদযাপন কৰা হয় ৷ এই যুগাভ্যাসত ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰছাত্ৰী , চিকিৎসক অঞ্চলৰ বিশিষ্ট ব্যক্তি শিক্ষাবিদ জীৱন শইকীয়া, স্থানীয় ৰাইজ, আশা কৰ্মীসকল উপস্থিত থাকে ৷ আনফালে উজনি মাজুলীৰ নতুনবজাৰ, লাচন চিকৰি, শ্ৰীৰাম গাঁও পঞ্চায়ত, জেংৰাইমুখ আদিকে ধৰি মাজুলীৰ জিলা বিজেপিয়ে কুৰিৰো অধিক স্থানত যোগ দিৱস পালন কৰে
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড