নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পছৰীয়াত মুখ্যমন্ত্ৰীৰ অ’এছডি হেমন্ত চৌধুৰী-কামৰূপৰ অতিৰিক্ত উপায়ুক্ত কমল বৰুৱাৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন

বিশেষ বাৰ্তা, ২১ জুনঃ আজি মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী আৰু কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত কমল বৰুৱাই জালুকবাৰী সমষ্টিৰ অন্তৰ্গত পছৰীয়াৰ বানাক্রান্ত অঞ্চলসমুহ পৰিদৰ্শন কৰাৰ লগতে আশ্ৰয় শিবিৰসমুহতো উপস্থিত হৈ ৰাইজৰ দুখ দুৰ্দশাৰ খyৰ কৰি বানপানীত হোৱা ক্ষয় ক্ষতিৰ বুজ লয়। বিশেষ কৰ্তব্যৰত বিষয়া চৌধুৰীয়ে চৰকাৰে বানাক্ৰান্ত ৰাইজৰ বাবে আগবঢ়োৱা সাহায্য আৰু পশুধনৰ বাবে আগবঢ়োৱা খাদ্য আদি সঠিকভাৱে পাইছেনে নাই তাৰো খবৰ কৰে ৷ এইক্ষেত্ৰত কামৰূপ জিলা প্ৰশাসনে সৰ্বোতপ্ৰকাৰৰে সহযোগিতা আগবঢ়াব বুলি তেওঁ বানাক্ৰান্ত ৰাইজক আশ্বাস দিয়ে ৷ বিষয়াগৰাকীয়ে বানপানীৰ এই সময়ছোৱাত সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায় ৷

প্ৰেৰক দিলীপ মেধি

You might also like