নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নর্থ চেনেল, ইংলিছ চেনেলত সাঁতুৰিব এলভিছে

নিয়মীয়া বার্তা, ২৬ জুনঃ অসমৰ জলকোঁৱৰ, আন্তঃৰাষ্ট্রীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই আন এক দুঃসাহসিক কার্যসূচীত অংশগ্রহণ কৰিবলৈ আগবাঢ়িছে৷ মিছন অপৰাজেয় নামেৰে আৰম্ভ কৰিবলগীয়া এই কার্যসূচী অনুসৰি, সাঁতোৰবিদগৰাকীয়ে অহা ১৭ ছেপ্টেম্বৰত নর্থ চেনেলৰ নর্থ আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ডলৈ আৰু আগন্তুক বর্ষৰ মাজভাগত ইংলিছ চেনেলৰ ইংলেণ্ডৰ পৰা ফ্রান্সলৈ সাগৰ সাঁতুৰি পাৰ হ’ব৷ মাত্র ১৩ ঘণ্টাত নর্থ চেনেলৰ ৪২ কিলোমিটাৰ আৰু ইংলিছ চেনেলৰ ৩৮ কিলোমিটাৰ সাগৰৰ মাজত পাৰ কৰিবলগীয়া এই কার্যসূচী হ’ব অতি প্রত্যাহ্বানমূলক৷ মিছন অপৰাজেয়ৰ বাবে সাজু হোৱা সাঁতোৰবিদগৰাকীক সহায়ৰ বাবে আগবাঢ়ি আহিছে গুৱাহাটীস্থ ব্যৱসায়িক প্রতিষ্ঠান এছ এম ডেভেলপার্ছ৷

ইপিনে, মিছন অপৰাজেয়ৰ অন্তর্গত নর্থ চেনেল আৰু ইংলিছ চেনেলৰ উপৰি সাঁতোৰবিদগৰাকীয়ে এই বছৰৰ শেষত অথবা নতুন বছৰৰ আৰম্ভণিতে গুজৰাট–গোৱা–মুম্বাই ৮০০ কিলোমিটাৰ ৰীলেতো অংশগ্রহণ কৰিব৷ উল্লেখ্য যে ৪২ বছৰীয়া এইগৰাকী সাঁতোৰবিদে বর্তমানলৈকে আন্তঃৰাষ্ট্রীয় পর্যায়ত ৬টা সোণ, ৭টা ৰূপ, ৫টা ব্রঞ্জ, ৰাষ্ট্রীয় পর্যায়ত ১৩৪টা সোণ, ৪৩টা ৰূপ, ১৫টা ব্রঞ্জ আৰু ৰাজ্যিক পর্যায়ত ১২৮টা সোণ, ১২টা ৰূপৰ পদক অর্জন কৰিছে৷

You might also like