নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰামহীনঃ শিলচৰৰ পিছত নিশা ৰঙিয়াৰ চমুখাত বানত ভঙা মথাউৰি পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২৬ জুন : ৰঙিয়াৰ সমীপৱৰ্তী হাজো সমষ্টিৰ অন্তৰ্গত চমুখাত আজি সন্ধিয়া বানত ভঙা মথাউৰি পৰিদৰ্শন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । বৰলীয়া নৈৰ ভঙা মথাউৰিৰ ঠাইখিনি নাৱেৰে পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে পৰিস্থিতিৰ বুজ লয় । বানপীড়িত ৰাইজে উষ্ম আদৰণি জনোৱাত মুখ্যমন্ত্ৰী অভিভূত হৈ পৰে । মুখ্যমন্ত্ৰীক উক্ত সময়ত সংগ দিয়ে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শ‌ইকীয়া আৰু হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই । শীঘ্ৰে ভগ্ন মথাউৰি শক্তিশালী ৰূপত নিৰ্মাণ কৰাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে । লগতে ঘৰ-দুৱাৰ বিনষ্ট হোৱা আৰু পশুধনৰ ক্ষতি হোৱা বানাক্ৰান্তক উপযুক্ত ক্ষতিপূৰণ দিয়া হব বুলি দোহাৰে ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like