গোলকগঞ্জৰ ৰতিয়াদহত অগ্নিপথ আঁচনীৰ প্ৰাক–নিয়োগৰ তিনিদিনীয়া প্ৰশিক্ষণ শিৱিৰ
নিয়মীয়া বাৰ্তা, ২৯ জুন: যোৱা ২৬ জুনৰ পৰা ধুবুৰী জিলাৰ গোলকগঞ্জৰ সমীপৰ ৰতিয়াদহ চিলাপথাৰ পথাৰত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত অনুষ্ঠিত হোৱা ‘অগ্নিপথ আঁচনী’ৰ প্ৰাক্–নিয়োগৰ তিনিদিনীয়া এক বিশেষ প্ৰশিক্ষণ শিৱিৰৰ যোৱাকালি সফল পৰিসমাপ্তি ঘটে। সংগঠনটোৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত আয়োজিত সেই বিশেষ প্ৰশিক্ষণ শিৱিৰত অঞ্চলটোৰ সৰ্বমুঠ ২৫০ গৰাকী যুৱক–যুৱতীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰা বুলি প্ৰকাশ । ইপিনে যোৱাকালিৰ অন্তিম দিনা ধুবুৰীৰ জিলা উপায়ুক্ত অন্বামুথন এম পি আৰু আৰক্ষী অধীক্ষক অভিজিত গুৰাৱে প্ৰশিক্ষাৰ্থীসকলক উৎসাহিত কৰিবলৈ সেই প্ৰশিক্ষণ শিৱিৰত উপস্থিত হয়। তিনিদিনীয়া সেই প্ৰশিক্ষণ শিৱিৰৰ অন্তত যোৱাকালি আয়োজিত হোৱা এখন সভাত জিলা উপায়ুক্ত অন্বামুথনে অগ্নিপথ আঁচনিখনৰ প্ৰধান বৈশিষ্ট্য আৰু সুবিধাসমূহৰ ব্যাখ্যা কৰে৷ সভাখনত ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক গুৰাব, সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উত্তৰ পূৰ্বাঞ্চলৰ (NE) সভানেত্ৰী ড৹ প্ৰতিমা নিয়োগীকে ধৰি সংগঠনটোৰ ধুবুৰী জিলা সমিতিৰ স্থানীয় কাৰ্য্যকৰ্তাসকল উপস্থিত আছিল।