নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পার্বত্য জিলাৰ সংগঠনৰে শান্তি আলোচনাৰ দাবী

নিয়মীয়া বার্তা, ২৯ জানুৱাৰীঃ নতুন দিল্লীৰ নর্থ ব্লকত স্বাক্ষৰিত হোৱা বড়ো চুক্তিলৈ আন্তৰিকতাৰে আদৰণি জনাইছে কার্বি আংলঙৰো বহুকেইটা জাতীয় সংগঠনে৷ কালি বিয়লি কার্বি আংলং জিলাৰ ডিফুত কেইবাটাও সংগঠনে এক সংবাদ মেলৰ আয়োজন কৰি এই শান্তি চুক্তিৰ বাবে নিখিল বডো ছাত্র সন্থা আৰু এন ডি এফ বিৰ আটাইকেইটা গোটলৈ অভিনন্দন জ্ঞাপন কৰি এই চুক্তিয়ে বডোসকলৰ ৰাজনৈতিক, অর্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু পৰিচয় সম্পর্কীয় প্রত্যাশা পূৰণ কৰিবলৈ সমর্থ হ’ব বুলি আশা কৰে৷

ডিফুত কার্বি ছাত্র সন্থাৰ কার্যালয়ত জইণ্ট একচন কমিটী ফৰ অট’ন’মাছ ষ্টেট (জাকাছ), কার্বি ছাত্র সন্থা, কে এছ ৱাই চি, কে এছ ইউ, কে এফ এ, কে এন এ, কে ইউ ৱাই এ আৰু কে এ আই ৱাই এ শীর্ষক সংগঠনকেইটাই এক যুটীয়া সংবাদ মেলৰ আয়োজন কৰি দীর্ঘদিনীয়া বডো সমস্যা সমাধানৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে গ্রহণ কৰা পদক্ষেপৰো শলাগ লয়৷

সংবাদ মেলত সংগঠনসমূহৰ নেতৃত্বই কার্বি আংলঙৰ বিভিন্ন সমস্যা সম্পর্কে কেতবোৰ গুৰুত্বপূর্ণ মন্তব্য আগবঢ়ায়৷ বিশেষকৈ কার্বি আংলঙৰ সশস্ত্র সংগঠন কার্বি আংলং–নর্থ কাছাৰ হিলছ লিবাৰেচন ফ্রণ্ট চমুকৈ কে এল এন এল এফে যোৱা ২০১০ চনৰ পৰাই কেন্দ্রীয় চৰকাৰৰ সৈতে শান্তি আলোচনা প্রক্রিয়া অব্যাহত ৰাখিছে৷ ঠিক সেইদৰে কে পি এল টি আৰু ইউ পি এল এ শীর্ষক আন দুটা সশস্ত্র সংগঠনেও অস্ত্র সম্বৰণ কৰি শান্তি আলোচনাৰ পথ গ্রহণ কৰিছে৷

এই সংবাদ মেলযোগে কার্বি আংলঙৰ সংগঠনকেইটাই বডোসকলৰ দৰেই কে এল এন এল এফৰ সৈতে শান্তি আলোচনা প্রক্রিয়াৰ এক যুক্তিপূর্ণ সমাধানৰ পথ প্রশস্ত কৰাৰবাবে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক আহ্বান জনায়৷

You might also like