মিছামাৰীৰ গাভৰু আৰু বেলশিৰি নৈত তীব্ৰ খহনীয়াই নিদ্ৰা হৰিছে নৈপৰীয়া ৰাইজৰ
নিয়মীয়া বাৰ্তা, ২ জুলাইঃ মহাবাহু ব্ৰহ্মপুত্ৰৰ অন্যতম উপনৈ বেলশিৰি আৰু গাভৰু নৈৰ বাঢ়নী পানী এইবাৰ কালৰূপ ধাৰণ কৰি নৈপৰীয়া ৰাইজৰ খেতি পথাৰৰ সমান্তৰাল কৈ বাসস্থান,ঘৰ ভেটি, বাটপথ, দলং, কালভাৰ্ট আদি খহাই নিয়াৰ ফলত কেৱল দুৰ্ভোগেই নহয় হতাশাত ভুগিছে ক্ষতিগ্ৰস্ত ৰাইজে৷ জনামতে কেৱল বৰষুণৰ পানীয়েই নহয় বহিঃৰাষ্ট্ৰ ভূটান আৰু বহিঃৰাজ্য অৰুণাচলৰ পাহাৰ অঞ্চলৰ বাঢ়নী পানী সংহাৰী ৰূপ ধাৰণ কৰি গাভৰু আৰু বেলশিৰি নৈ দুখনৰ পাৰত বসবাস কৰা গঞা ৰাইজৰ কৃষি পথাৰ, বাসস্থান, মাটিভেঁটি,শস্যৰ পথাৰ আদি সংহাৰী বানত উছন হোৱাৰ পাছত দুৰ্গত লোকসকলে পৰিয়ালৰ সদস্য বৰ্গৰ সৈতে আনৰ ভূমিত আৰু নিৰাপদ ঠাই বিচাৰি আশ্ৰয় গ্ৰহণ কৰা বুলি জানিবলৈ দিছে৷ শোণিতপুৰ জিলাৰ বৃহত্তৰ মিছামাৰী অঞ্চলৰ মাজেৰে বৈ যোৱা গাভৰু আৰু বেলশিৰি নদীৰ বাঢ়নী পানী তীব্ৰ বেগত বৈ অলপতে নৈপৰীয়া ৰাইজৰ মাটি সম্পত্তি, বাটপথ, দলং, কালভাৰ্ট, মথাউৰি, আদি খহাই নদীত উছন কৰাৰ পাছত পুনৰ যোৱা বৃহস্পতি বাৰে নিশা নৈ দুখনৰ ওপৰত হঠাৎ পানী বাঢ়ে আৰু বোৱতী পানী কালৰূপ ধাৰণ কৰি পুনৰ অঞ্চলটোৰ নৈপৰীয়া ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা কৰিছে ৷
উল্লেখ্য যে পূৰ্বৰ দৰে সিদিনাও বেলশিৰি নদীৰ বাঢ়নী পানী সংহাৰী ৰূপ ধাৰণ কৰি ৰামনাথপুৰ, নগাপথাৰ, মেজেংজুলি, পাকুৰীগুৰি, নিজ গৰুবন্ধা, মাদুৰি বিল, এৰাবাৰী, পথালি খোৱা, বালিগাঁও, নাহৰবাৰী আদি গাঁৱৰ নৈপৰীয়া ৰাইজৰ শাকপাচলিৰ খেতি আৰু ইতিমধ্যে ৰুবলৈ সাজু কৰা কঠীয়া, খেতিপথাৰ আদিৰ ওপৰত পলস পেলাই অনিষ্ট কৰাৰ উপৰি নদীৰ পানী সুঁতি সলাই নৈপৰীয়া ৰাইজৰ বহুতৰে বাসস্থান, ঘৰ ভেটি, মূল্যৱান গছ-গছনিৰে ভৰপূৰ বাৰী আদি খহনীয়াৰ সৃষ্টি কৰি উছন কৰে ৷
প্ৰাপ্ত তথ্যমতে নদীখনে সুঁতি সলোৱাৰ ফলত বাঁহবেৰা পঞ্চায়তৰ অন্তৰ্গত এৰাবাৰী গাঁৱৰ বাসিন্দা নুৰ মহম্মদ, আক্কেল আলী, ফুৰকান উল্লাহ, মঃ ছৈদুল্লাহ, ফৰজুল ইছলাম, ছমলা খাতুন, আছাদ আলী, আব্দুল হেকিম, আব্দুল ছালাম, আবু ছামাদ আদি পৰিয়াল বৰ্গ নদীৰ সংহাৰী বানত বাসস্থান, ঘৰবাৰী, মাটি সম্পত্তি সকলো হেৰুৱাই নিৰাপদ স্থানত আশ্ৰয় লৈ থকা বুলি জানিবলৈ দিছে ৷ সমান্তৰাল ভাৱে গাওঁখনৰ হিন্দু ধৰ্মালম্বী ৰাইজে পূজাপাতল কৰা এটা কালী মন্দিৰ নদীৰ পানীত জাহ যোৱা বুলি জানিবলৈ দিছে ৷ একেদৰে নাহৰবাৰী পঞ্চায়তৰ অন্তৰ্গত পথালিখোৱা গাঁৱৰ হুছেইন আলী, ৰমজান আলী, আব্দুল জলিল আদি পৰিয়ালৰ বাসস্থান, ঘৰ ভেটি, গছ-গছনিৰ বাৰী শাক-পাচলিৰ খেতি মাটি আদি নদীখনৰ গৰা খহনীয়াত বিলিন হৈ গৈছে ৷ নৈপৰীয়া দুৰ্ভগীয়া সকলৰ দৰে নৈৰ পাৰত থকা শ শ কৃষি পথাৰ নদীৰ গৰাখহনীয়াত উছন হোৱাৰ পাছত স্থানীয় কৃষক ৰাইজ মূৰেকপালে হাত দিবলগীয়া হৈছে ৷ সমান্তৰাল ভাৱে অঞ্চলটোৰ গৰুবন্ধা পঞ্চায়তৰ অন্তৰ্গত বেলশিৰি নদীৰ ওপৰত বৰবিল কছাৰী – পাকুৰীগুৰি গাঁৱৰ মাজত অৱস্থিত পকী দলঙৰ এটা পাৰ নদী খনৰ সংহাৰী পানীয়ে খহনীয়াৰ সৃষ্টি কৰি ভাঙি পেলাই ৷ পাছত স্থানীয় ৰাইজে বিশেষকৈ স্কুল কলেজলৈ অহাযোৱা কৰা ছাত্ৰ-ছাত্ৰী সকলৰ কথা চিন্তা কৰি দলঙৰ পাৰ ভঙা ঠাইত বাঁহৰ সাঁকো নিৰ্মাণ কৰি নদীৰ ওপৰেদি অহাযোৱা কৰাৰ ব্যৱস্থা কৰে ৷
উল্লেখ্য যে নদীখন পাৰ হ’বলৈ ৰাইজে সুবিধা কৰিলে যদিও বাঁহৰ সাঁকোৰ ওপৰত পাৰ হোৱাৰ ক্ষেত্ৰত সকলোৱে দুৰ্ভোগ ভুগি থকা পৰিলক্ষিত হৈছে ৷ আনহাতে নদীখনৰ ওপৰত ননকে বেলশিৰি – বেলশিৰি ৰেলৱে ষ্টেচনৰ মাজত স্থানীয় ৰাইজে পাৰ হ’বলৈ নিজে বাঁহৰ সাঁকো নিৰ্মাণ কৰি লৈছিল কিন্তু সেইটোকো নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ ফলত সম্প্ৰতি সকলোৱে দুৰ্ভোগ ভুগিব লগীয়া হৈছে ৷ একেদৰে অঞ্চলটোৰ মাজেৰে যোৱা গাভৰু নদীৰ খৰস্ৰোতা পানীয়ে খহনীয়াৰ সৃষ্টি কৰি অঞ্চলটোৰ জীয়াগাভৰু, শিয়ালমাৰী, বাংগাল গাওঁ, থেকেৰাজুলি, জংঘল বস্তি, ঘোষ বস্তি, কলাকুছি, কাঁহিকুছি আদি নৈপৰীয়া ৰাইজৰ বাসস্থান, ঘৰ ভেটি, গছ-গছনিৰ বাৰী, কৃষি পথাৰ আদি উছন কৰিছে ৷ প্ৰাপ্ত তথ্যমতে জীয়াগাভৰুত গাভৰু নদীৰ বিধ্বংসী বানে কোটিটকীয়া শিলৰ বান্ধ খহাই নিয়াৰ সমান্তৰাল কৈ বাংগাল গাঁৱৰ নৈৰ পাৰত জলসিঞ্চন বিভাগে স্থাপন কৰা গাভৰু উতলিত জলসিঞ্চন আঁচনিৰ কিছুমান সামগ্ৰী বাঢ়নী পানীত উটি যোৱাৰ উপৰি আঁচনিটোৰ আধা অংশ ভূমি ইতিমধ্যে নদীত জাহ গৈছে ৷ আঁচনিটোৰ কাষৰে বাংগাল গাঁৱৰ জহুৰা খাতুন, ছফিকুল ইছলাম, আলম আলী, আল্লাল উদ্দিন, জাহাংগীৰ আলম, ছিদ্দিক আলী আদিৰ বাসস্থান, ঘৰ ভেটি, গছগছনিৰ বাৰী, কৃষি পথাৰ আদি ইতিমধ্যে জাহ যোৱাৰ ফলত নিৰাপদ স্থানত আশ্ৰয় লৈ আছে বুলি জানিবলৈ দিছে ৷ ইফালে বৃহস্পতিবাৰে নিশা পুনৰ নদীখনত বোৱা সংহাৰী বানে নৈপৰীয়া ৰাইজক ভাবুকি প্ৰদান কৰাৰ উপৰি মথাউৰি, কৃষি ভূমি আদি হোৰাহোৰে খহাই থকা পৰিলক্ষিত হৈছে ৷
উল্লেখ্য যে কলাকুছি আৰু কাঁহিকুছিত নৈখনৰ খৰস্ৰোতা পানীয়ে ধাৰাবাহিক ৰূপত মথাউৰি খহাই থকা বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে ৷ আনহাতে শিয়ালমাৰী গাঁৱৰ কাষেদি গাভৰু নদীৰ পানী সুঁতি সলনি কৰাৰ ফলত কৃষিভূমিৰ বিস্তৃৰ্ণ এলেকা বালিয়ে পুতি পেলোৱাৰ উপৰি শিয়ালমাৰী গাঁৱলৈ অহাযোৱা কৰা একমাত্ৰ পথটোৰ ৬ টা স্থানত ভঙাৰ উপৰি একমাত্ৰ কালভাৰ্টটো সংহাৰী পানীয়ে খহাই পেলাইছে ৷ সম্প্ৰতি উক্ত গাঁৱলৈ যোৱা অন্য পথ তথা বিকল্প বাটপথৰ অভাৱত গাওঁখনৰ ৰাইজ দুৰ্ভোগ ভুগিব লগীয়াত পৰিছে ৷