নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত যোগান হ্রাস! পেট্র’ল-ডিজেল ৰপ্তানিত দিব লাগিব কৰ

নিয়মীয়া বাৰ্তা, ২ জুলাই:  দেশৰ বজাৰত হ্রাস পাইছে তেলৰ যোগান৷ গতিকে পৰিস্থিতিৰ পৰা ৰক্ষা কৰিবলৈ এইবাৰ পেট্র’ল, ডিজেল আৰু বিমানৰ ইন্ধন বা ‘জেট ফুৱেল’ ৰপ্তানিৰ ক্ষেত্রত কৰ আৰোপ কৰিছে কেন্দ্রীয় চৰকাৰে৷ অকল সেয়াই নহয়, দেশৰ উৎপাদিত খাৰুৱা তেলৰ ওপৰতো কৰ বহুৱাইছে মোদী চৰকাৰে৷  এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ পেট্র’ল আৰু জেট ফুৱেলৰ ৰপ্তানিত প্রতি লিটাৰত ৬ টকাকৈ কৰ বহুওৱা হৈছে৷ বিদেশলৈ ডিজেল ৰপ্তানি কৰিলে প্রতি লিটাৰত ১৩ টকা কৰ আদায় দিব লাগিব৷ নতুন নিয়ম অনুসৰি এতিয়াৰে পৰা দেশত উৎপাদিত খাৰুৱা তেলৰ ক্ষেত্রত প্রতিটনত ২৩,২৫০ টকা৷ অতিৰিক্ত কৰ দিব লাগিব তেল সৰবৰাহকাৰী সংস্থাসমূহে৷ এই সিদ্ধান্তৰ ফলত দেশৰ বজাৰত ইন্ধনৰ যোগান বৃদ্ধি হোৱাৰ উপৰি মূল্যও কিছু নিয়ন্ত্রণলৈ আহিব বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে৷

You might also like