নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইম্ফলত চিকিৎসাধীন অসমৰ ৩ গৰাকী ব্যক্তিৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ মন্ত্ৰী পীযুষ হাজৰীকাৰ

নিয়মীয়া বাৰ্তা, ৩জুলাই: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে মন্ত্ৰী পীযুষ হাজৰীকাই আজি ইম্ফলৰ ৰিজনেল ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেজ উপস্থিত হয় আৰু মণিপুৰৰ তুপুলত সংঘটিত ভূমিস্খলনথলীৰ পৰা উদ্ধাৰ হোৱা অসমৰ পাঁচগৰাকী ব্যক্তিৰ ভিতৰত বৰ্তমান তাত চিকিৎসাধীন অৱস্থাত থকা ৩ গৰাকী ব্যক্তিৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লয়।

বৰ্তমান পাঁচোগৰাকীৰ অৱস্থা সুস্থিৰ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে কাইলৈ দিনৰ ১১.১৫ বজাত এখন এয়াৰ এছিয়াৰ বিমানযোগে মন্ত্ৰীগৰাকীয়ে নিজৰ লগতে তেঁওলোকক অসমলৈ ঘূৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

You might also like