নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাত সংগীত বিদ্যালয় মুকলি 

নিয়মীয়া  বাৰ্তা, ৩ জুলাই :: শোণিতপুৰৰ বালিপৰাত আজি বহুমুখী কলা কেন্দ্ৰৰ উদ্যোগত মুকলি কৰা হয় এখন সংগীত বিদ্যালয় । এই উপলক্ষ্যে বালিপৰাৰ শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত তথা বহুমুখী কলা কেন্দ্ৰৰ সম্পাদক ধৰ্ম দাসে আঁত ধৰা অনুষ্ঠানটোত সংগীত বিদ্যালয় আৰু পাঠ্যক্ৰমৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বালিপৰা উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক হিৰোজ শইকীয়াই । উল্লেখ্যে যে সংগীত বিদ্যালয়খনত প্ৰতি ৰবিবাৰে শাস্ত্ৰীয় সংগীত, সত্ৰীয়া নৃত্য , তৱলা ,গিটাৰ আৰু থলুৱা গীত-মাতৰ প্ৰশিক্ষণ আগবঢ়োৱা হ’ব । আনহাতে চাৰিগৰাকী অভিজ্ঞ প্ৰশিক্ষকে আগবঢ়াব প্ৰশিক্ষণ । অনুষ্ঠানটোত বহুমুখী কলা কেন্দ্ৰৰ সভাপতি হোমেন দাস, বালিপৰা শাখা সাহিত্য সভা সভাপতি নকুল কুৰ্মী ,বালিপৰা শাখা সাহিত্য সভাৰ সম্পাদক প্ৰাঞ্জল প্ৰতিম বৰা, বালিপৰা শংকৰদেৱ শিশু নিকেতনৰ প্ৰধানাচাৰ্যা মল্লিকাৰাণী হাজৰিকা ডেকা, অধ্যাপক ড০ অশ্বিনী কুমাৰ ডেকা, কাৰ্তিক কোচ, সমাজকৰ্মী অপূৰ্ব সেন ডেকা, অংকুৰ শইকীয়া, পুৰৱী বৰা দাস, জিন্তু দাসৰ লগতে ৰাইজ, অভিভাৱক, প্ৰশিক্ষণ ল’বলগীয়া ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ।

প্ৰেৰক প্ৰাঞ্জল বৰা

You might also like