নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ আধাৰ আৰু eKYC সংযুক্তকৰণৰ অন্তিম তাৰিখ ক্ৰমে ১০ আৰু ২০ জুলাইলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ  অসম চৰকাৰৰ দ্বাৰা ৰূপায়িত কেন্দ্ৰীয় চৰকাৰৰ ‘প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধি’ (পিএমকিষাণ)ৰ অন্তৰ্গত যোগ্য হিতাধিকাৰীসকলে বাধ্যতামূলকভাৱে কৰিবলগীয়া আধাৰ আৰু ই-কেৱাইচি সংযুক্তকৰণৰ অন্তিম তাৰিখ বৃদ্ধি কৰা হৈছে। অহা ১০ জুলাইৰ ভিতৰত পিএমকিষাণৰ অধীনৰ যোগ্য হিতাধিকাৰীয়ে সংযোজন-৩ (Annexure-3) সহ ওচৰৰ সামূহিক সেৱা কেন্দ্ৰ অথবা জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত আধাৰ সংযুক্তকৰণ সম্পন্ন কৰিব পাৰিব। সফল আধাৰ সংযুক্তকৰণৰ পিছত যোগ্য হিতাধিকাৰীয়ে ২০ জুলাইৰ ভিতৰত পুনৰ সামূহিক সেৱা কেন্দ্ৰত বায়মেট্ৰিক অথবা অ’টিপি পদ্ধতিৰে নিজৰ ই-কেৱাইচি সম্পন্ন কৰাব লাগিব।
আনহাতে যোগ্য হিতাধিকাৰীয়ে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ নম্বৰ সংযুক্ত কৰাটো বাধ্যতামূলক। আধাৰ আৰু ই-কেৱাইচি কৰা কৃষকেহে ১ আগষ্ট, ২০২২ৰপৰা কাৰ্যকৰী হোৱাকৈ পিএমকিষাণৰ সুবিধা লাভ কৰিব পাৰিব। এই বিষয়ে সবিশেষ জানিবলৈ কৃষকসকলে গাঁওপ্ৰধান, পঞ্চায়তৰ সদস্য, কৃষি সম্প্ৰসাৰণ সহায়ক আৰু কৃষি উন্নয়ন বিষয়াৰ লগত যোগাযোগ কৰিব লাগিব অথবা নিজে জিলা কৃষি বিষয়াৰ কাৰ্যালয়লৈ গৈ আধাৰ সংযুক্তকৰণ কৰিব পাৰিব। যোৰহাট জিলাৰ কৃষকসকলক প্ৰধান মন্ত্ৰী কিষাণ আঁচনিৰ সুবিধা লাভ কৰিবলৈ যোৰহাট জিলা কৃষি বিষয়া বেণী মাধৱ বৰুৱা, মহকুমা কৃষি বিষয়া ড° নিতুমণি গগৈ আৰু নডেল বিষয়া ড° পৰাগ জ্যোতি শইকীয়াই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে অনুৰোধ জনাইছে। এই কথা সদৰি কৰিছে কৃষি বিভাগৰ যোৰহাট জিলাৰ মেডিয়া বিশেষজ্ঞ আভা ভৰালীয়ে।
You might also like