নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰত উদ্ধাৰ হোৱা পাঁচগৰাকী লোকক লগত লৈ অসম পালেহি মন্ত্ৰী পীযুষ হাজৰীকা

নিয়মীয়া বাৰ্তা, ৪ জুলাই: মণিপুৰৰ টুপুলত উদ্ধাৰ হোৱা অসমৰ পাঁচজন লোক সহিতে আজি মণিপুৰৰ পৰা ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকা গুৱাহাটীত উপস্থিত হয়।

আজি দিনৰ ভাগত বিমানযোগে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে মন্ত্ৰী পীষুষ হাজৰীকাই সংবাদ মাধ্যমক অৱগত কৰে যে আজি গুৱাহাটীত উপস্থিত হোৱা পাঁচোজন লোকক মৰিগাঁও জিলা প্ৰশাসনে নিজ নিজ ঘৰলৈ নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব।

উদ্ধাৰ হোৱা লোককেইজন হ’ল ক্ৰমে- মণিৰাম ফুকন, ৰমেন ফুকন, মহেশ্বৰ ফুকন, জোন বসুমতাৰী আৰু প্ৰহ্লাদ বসুমতাৰী।

মন্ত্ৰীগৰাকীয়ে লগতে সংবাদমাধ্যমৰ আগত সদৰী কৰে যে তেওঁৰ হাতত থকা তথ্য অনুসৰি মণিপুৰৰ টুপুলত সংঘটিত ভূমিস্খলনথলীত অসমৰ মুঠ ২৬ জন লোক আছিল। তাৰ ভিতৰত ২৪ জন কনষ্ট্ৰাকচন কোম্পানীত কাম কৰিবলৈ যোৱা শ্ৰমিক আছিল। এই ২৪ জন শ্ৰমিকৰ বাহিৰে এগৰাকী বজালীৰ আৰ্মীৰ জোৱানৰ এই ঘটনাত মৃত্যু হৈছে আৰু তেখেতৰ মৃতদেহ ইতিমধ্যে অসমলৈ অনা হৈছে। অন্যহাতে গোলকগঞ্জ নিৱাসী এজন ৰেলৱেৰ ইঞ্জিনীয়াৰ বৰ্তমানেও সন্ধানহীন হৈ আছে।

আজি অসমলৈ জীৱিত অৱস্থাত ঘূৰি অহা পাঁচোজন লোক বৰ্তমান সংকটমুক্ত বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

অন্যহাতে এইপৰ্যন্ত মণিপুৰত অসমৰ ৯ জন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে তাৰে ৮ জনৰ মৃতদেহ কালিলৈকে ( বজালীৰ আৰ্মী জোৱানজনৰ মৃতদেহ সহিতে) অসম পাইছেহি বুলিও উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কালি আবেলি ঘটনাস্থলীত উদ্ধাৰ হোৱা আন এগৰাকী লোকৰ মৃতদেহ অসমলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছে বুলিও উল্লেখ কৰে।

তেওঁ লগতে কয় যে বৰ্তমানেও ভূমিস্খলনথলীত উদ্ধাৰ অভিযান অব্যাহত আছে আৰু পৰৱৰ্তী সময়ত তাত অসমৰ কোনো লোকৰ পাৰ্থিৱ শৰীৰ উদ্ধাৰ হ’লে তেওঁলোকক অসমলৈ ঘূৰাই অনাৰ বাবে যাৱতীয় ব্যৱস্থা কৰা হ’ব।

মন্ত্ৰীগৰাকীয়ে বৰ্তমানেও ১২ জন অসমৰ লোক সন্ধানহীন বুলিও সংবাদ মাধ্যমৰ আগত অৱগত কৰে।

You might also like