মিকিৰভেটাৰ ওৱাবড়িত শ্ৰীমন্ত শঙ্কৰদেৱ গণ কৃষ্টি বিকাশ কেন্দ্ৰ আৰু গ্ৰন্থাগাৰৰ বাৰ্ষিক সাংস্কৃতিক সমাৰোহ
নিয়মীয়া বাৰ্তাঃ ২৩ জুলাই: অসমীয়া জাতিৰ সন্মুখত প্ৰত্যাহ্বান আহিছে ৷ পশ্চিমীয়া সংস্কৃতিয়ে আমাৰ অসমীয়া সংস্কৃতিক গ্ৰাস কৰিবলৈ চেষ্টা কৰিছে ৷ কিন্তু আমাৰ ঘাই শিপাডাল যাতে কোনো পাহৰি নাজাই তাৰ বাবে আহ্বান সকলোকে আহ্বান জনাইছো ৷ এই মন্তব্য মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি তথা সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকাৰ ৷ আজিৰে পৰা দুদিনিয়া কাৰ্যসূচীৰে মৰিগাঁও জিলাৰ মিকিৰভেটা অঞ্চলৰ ওৱাবড়িত অনুষ্ঠিত হোৱা শ্ৰীমন্ত শঙ্কৰদেৱ গণ কৃষ্টি বিকাশ কেন্দ্ৰ ও গ্ৰন্থাগাৰৰ বাৰ্ষিক সাংস্কৃতিক সমাৰোহৰ মুকলি সভাত নিদিষ্ট বক্তা হিছাপে উপস্থিত থাকি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে জিলা সাহিত্য সভাৰ সভাপতি গৰাকীয়ে ৷ লগতে তেখেতে ভাষণ প্ৰসঙ্গত উল্লেখ কৰে যে
আমি জন্ম হৈছো অসমীয়া হিছাপে আৰু মৃত্যু হম অসমীয়া হিছাপে ৷ আনৰ সংস্কৃতিক ভাল বুলি নিজৰ সংস্কৃতিক পাহৰি যোৱাতো কেতিয়াও এটা মেৰুদণ্ড থকা জাতিৰ পৰিচয় হৱ নোৱাৰে ৷ কিন্তু অসমীয়াৰ মাজত যিমানেই প্ৰত্যাহ্বান নাহক কিয় যেতিয়ালৈকে অসমত নামঘৰ থাকিব তেতিয়ালৈকে অসম মানুহৰ মুখৰ পৰা কেতিয়াও অসমীয়া ভাষা কাঢ়ি নিৱ নোৱাৰে ৷ মৰিগাঁও সমষ্টিৰ বিধায়ক তথা শ্ৰীমন্ত শঙ্কৰদেৱ গণ কৃষ্টি বিকাশ কেন্দ্ৰৰ সভাপতি ৰমাকান্ত দেউৰী সঞ্চালনাত অনুষ্ঠিত হোৱা সভা খনিত আন এগৰাকী নিদিষ্ট বক্তা হিছাপে উপস্থিত থাকি ছাত্ৰছাত্ৰী সকলক উদ্দেশ্যি ভাষণ ৰাখে নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° কৃষ্ণ মেধি ৷ আনহাতে এই অনুষ্ঠানত উপস্থিত থাকে
মৰিগাঁও জিলাৰ বিশিষ্ট সাংবাদিক অজিত শৰ্মা , মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত গৰ্গ মোহন দাস , তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ ভোমোৰাগুৰী সমষ্টিৰ সদস্য দেৱকান্ত বৰদলৈ , সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপসভাপতি শান্তনু শৰ্মা , তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ মনোনীত সদস্য অজিত ডেকা , সাংবাদিক দীপাংকৰ নাথ , মানস নাথ আৰু পুলিন কাকতি উপস্থিত থাকে ৷ লগতে এই সভাতে সদৌ অসম গ্ৰাম্য পুথিভড়ালৰ তৰফৰ পৰা শ্ৰীমন্ত শঙ্কৰদেৱ গণ কৃষ্টি বিকাশ কেন্দ্ৰ ও গ্ৰন্থাগাৰলৈ এটি কিতাপৰ টোপোলা আগবঢ়া সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকাই ৷ লগতে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মিকিৰভেটা অঞ্চলৰ পৰা সুখ্যাতিৰে উৰ্ত্তীণ হোৱা ২৯ গৰাকী ছাত্ৰছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।
মানস নাথ ৷ বাৰপূজীয়া