মাংকীপক্সক লৈ বিশ্ব স্বাস্থ্য জৰুৰী অৱস্থা ঘোষণা বিশ্ব স্বাস্থ্য সংস্থাৰ
নিয়মীয়া বাৰ্তা, ২৪ জুলাই: বিশ্বজুৰি দ্রুতগতিত মাংকীপক্সত আক্রান্তৰ সংখ্যা বর্ধিত হোৱাৰ প্রতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থাই মাংকীপক্সক লৈ জৰুৰী অৱস্থা ঘোষণা কৰিছে৷ জেনেভাত সংবাদ মেলত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্রধান টেড্রছ আধানম গ্রেব্রেয়েছাছে মাংকীপক্সৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থাই জৰুৰী অৱস্থা ঘোষণা কৰে৷ মাংকীপক্সক লৈ সজাগ আৰু সতর্ক হ’বলৈ বিশ্বৰ দেশসমূহক আহ্বান জনাই এইক্ষেত্রত সকলো দেশকে আন্তর্জাতিক সমন্বয় ৰক্ষা কৰিবলৈ কয় বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্রধানজনে৷
উল্লেখ্য যে ক’ভিড–১৯ৰ পাছত মাংকীপক্সৰ সংক্রমণ ৭৫তকৈ অধিক দেশলৈ সম্প্রসাৰিত হৈছে৷ বিশ্বজুৰি ১৬ হাজাৰতকৈ অধিক লোক আক্রান্ত হৈছে আৰু আফ্রিকাত ৫জনৰ মৃত্যু ঘটিছে৷ ভাৰততো শেহতীয়াভাৱে কেৰালাত মাংকীপক্সত আক্রান্ত হোৱা ৰোগী চিনাক্ত হৈছে৷