নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভুবন সংৰক্ষিত বনাঞ্চলক নতুন অভয়াৰণ্য হিচাপে ঘোষণাঃৰাজ্যপালে জাৰি কৰিলে অধিসূচনা

  • ঐতিহ্যমণ্ডিত শিৱ মন্দিৰ আছে ভুবন পাহাৰত
  • বৰাকত সন্তুষ্টি, মুখ্যমন্ত্রীলৈ কৃতজ্ঞতা বৰাকবাসীৰ

নিয়মীয়া বাৰ্তা, ২৫ জুলাইঃ বৰাক উপত্যকাৰ ঐতিহ্যমণ্ডিত শিৱ মন্দিৰসমৃদ্ধ ভুবন পাহাৰক ঘোষণা কৰা হৈছে ৰাজ্যৰ নতুন অভয়াৰণ্য হিচাপে৷ ৰাজ্যপাল প্রফেছৰ জগদীশ মুখীয়ে যোৱা ১৯ জুলাইত এই সম্পর্কীয় অধিসূচনা জাৰি কৰে৷ কাছাৰ জিলাৰ ধলাই বিধানসভা সমষ্টিৰ মনিয়াৰখাল ফৰেষ্ট ৰেঞ্জৰ অন্তর্গত ভুবন পাহাৰৰ ৩২০ বর্গকিলোমিটাৰ এলেকাক সামৰি হ’ব নতুন অভয়াৰণ্যখন৷ ৰাজ্যপাল মুখীয়ে কাছাৰ জিলাৰ উপায়ুক্তক সমগ্র অঞ্চল পৰিদর্শন কৰি বিস্তৃত প্রতিবেদন দাখিল কৰিবলৈ নির্দেশ দিয়ে৷ উল্লেখ্য যে চলিত বছৰৰ ২৯ জানুৱাৰীত শিলচৰৰ সাংসদ ডাঃ ৰাজদীপ ৰয়ে ভুবন পাহাৰৰ সংৰক্ষিত বনাঞ্চলক অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ অনুৰোধেৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ পত্র প্রেৰণ কৰিছিল৷ এই পত্রৰ পাছতেই সমগ্র বিষয়টো মুখ্যমন্ত্রীৰ দৃষ্টিগোচৰ হয়৷ ফলস্বৰূপে ৰাজ্যপাল মুখীয়ে ১৯ জুলাইত ভুবন সংৰক্ষিত বনাঞ্চলক অভয়াৰণ্য হিচাপে ঘোষণা কৰি এটা অধিসূচনা জাৰি কৰে৷ ভুবন সংৰক্ষিত বনাঞ্চলক অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ পাছত সমগ্র বৰাকবাসীয়ে সন্তুষ্টি প্রকাশ কৰাৰ লগতে এনে পদক্ষেপৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা প্রকাশ কৰিছে৷

You might also like