নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা অনির্দিষ্টকাললৈ বন্ধ থাকিব উত্তৰ–পূবৰ ৰন্ধন গেছ চিলিণ্ডাৰ পৰিবহণ সেৱা, ৰাজ্যত ৰন্ধন গেছ চিলিণ্ডাৰ নাটনি হোৱাৰ সম্ভাৱনা

নিয়মীয়া বাৰ্তা, ২৫ জুলাইঃ  দীর্ঘদিন ধৰি ভাৰতীয় তেল নিগমে কৰি অহা বঞ্চনাৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে নর্থ–ইষ্ট পেক্ট ট্রেন্সপ’টার্ছ সংস্থা৷ বিগত সময়ছোৱাত বিভিন্ন সময়ত দাবী উত্থাপন কৰি অহা সত্ত্বেও কোনো ব্যৱস্থা গ্রহণ নকৰাত কাইলৈ পৰা অনির্দিষ্টকাললৈ উত্তৰ–পূর্বাঞ্চলৰ ৰন্ধন গেছ চিলিণ্ডাৰৰ পৰিবহণ সেৱা বন্ধ ৰাখিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে৷ শনিবাৰে নিশা এখন সংবাদ মেলত নর্থ–ইষ্ট পেক্ট টেন্সপ’টার্ছ এছ’চিয়েচনৰ সভাপতি নিৰঞ্জন মহন্তই ভাৰতীয় তেল নিগম কর্তৃপক্ষক ইয়াৰ বাবে দোষাৰোপ কৰি কয় যে ২০১১ চনত প্রকাশ কৰা নিবিদাখনকে পুনৰ ২০১৮ চনৰ ১ অক্টোবৰত প্রকাশ কৰা হৈছিল৷ সেই সময়ত ইয়াৰ বিৰুদ্ধে সংস্থাৰ তৰফৰ পৰা প্রতিবাদ কৰা হৈছিল৷ যাৰ বাবে কেন্দ্রীয় চৰকাৰৰ পেট্ৰ’লিয়াম মন্ত্রী, ভাৰতীয় তেল নিগম আৰু অসম তেল নিগমৰ লগত সমস্যাসমূহ সমাধানৰ বাবে সংস্থাৰ সৈতে এক আলোচনাত মিলিত হৈছিল৷ এই আলোচনাতে সংস্থাৰ সমস্যা সমাধান নোহোৱালৈকে পৰৱর্তী কোনো নিবিদা প্রকাশ নকৰিবলৈ ভাৰতীয় তেল নিগম কর্তৃপক্ষক দাবী জনোৱা হৈছিল৷ কিন্তু ভাৰতীয় তেল নিগম কর্তৃপক্ষই সংস্থাৰ সমস্যা সমাধান নকৰাকৈ পুনৰ ২০১১ চনত প্রকাশ কৰা একেখন নিবিদাকে ৫ শতাংশ কম নিৰিখত যোৱা ১৬ জুলাইত প্রকাশ কৰে৷ সেয়েহে তেল নিগমৰ এই নিবিদা কোনো কাৰণতে মানি লোৱা নহ’ব বুলি সংস্থাৰ তৰফৰ পৰা সভাপতি মহন্তই পুনৰ সকীয়াই দিয়ে৷

এই সন্দর্ভত সভাপতি নিৰঞ্জন মহন্তই পুনৰ কয়– ‘বর্তমান যি হাৰত পেট্র’ল–ডিজেলৰ লগতে পৰিবহণ কৰ আৰু পৰিবহণৰ যন্ত্রপাতিৰ দাম বৃদ্ধি হৈ গৈ আছে, তেনে ক্ষেত্রত ২০১১ চনত প্রকাশ কৰা সেই নিবিদাৰ নিৰিখতকৈ ৫ শতাংশ কম নিৰিখত সংস্থাৰ পৰা চলোৱাটো কেতিয়াও সম্ভৱ নহয়৷ তদুপৰি পৰিবহণ সংস্থাটোক টোলগেটৰ লগতে আর্টিকেমৰ ধন আদায় দিয়া নাই ভাৰতীয় তেল নিগম কর্তৃপক্ষই৷ এইক্ষেত্রত সংস্থাৰ আন্দোলনৰ বাহিৰে আন একো বিকল্প নাই৷ ভাৰতীয় তেল নিগম কর্তৃপক্ষ থলুৱাবিৰোধী গভীৰ ষডযন্ত্রত লিপ্ত হৈছে৷ যেতিয়ালৈকে ভাৰতীয় তেল নিগম কর্তৃপক্ষই পুৰণি নিবিদা প্রত্যাহাৰ কৰি বর্ধিত নিৰিখত নতুন নিবিদা প্রকাশ নকৰে আৰু সংস্থাৰ পূর্বৰ সমস্যাসমূহ সমাধান নকৰে, তেতিয়ালৈ আজিৰে পৰা অনির্দিষ্টকাললৈ উত্তৰ–পূবৰ উত্তৰ গুৱাহাটী, মির্জাৰ সৰপাৰা, ডিমাপুৰ, বঙাইগাঁৱকে ধৰি ৭টা ৰন্ধন গেছ প্রকল্পৰ পৰা নর্থ–ইষ্ট পেক্ট টেন্সপ’টার্ছ সংস্থাই ৰন্ধন গেছ চিলিণ্ডাৰ পৰিবহণ কৰাৰ পৰা বিৰত থাকিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে৷’

সংবাদ মেলত অংশগ্রহণ কৰি সংস্থাৰ কার্যকৰী সভাপতি জয়ন্ত কুমাৰ নাথে এই সমস্যাসমূহ সমাধানৰ ক্ষেত্রত বিতৰক এছ’চিয়েচন, আৰ জি জি এৰ এছ’চিয়েচন, নর্থ–ইষ্ট বাল্ক এছ’চিয়েচন, মজদুৰ ইউনিয়ন আৰু চালক সন্থাক সহযোগিতা আগবঢ়াৱলৈ আহ্বান জনাইছে৷ আনহাতে সংস্থাৰ যুটীয়া সাধাৰণ সম্পাদক বলীন মৰাণে নর্থ–ইষ্ট পেক্ট টেন্সপ’টার্ছ সংস্থাৰ এই সমস্যাসমূহ সমাধানৰ ক্ষেত্রত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক হস্তক্ষেপৰ দাবী জনাইছে৷ সংবাদ মেলত সংস্থাৰ উপদেষ্টা কুমুদ নাথ, উপ–সভাপতি মিতুৱন মজুমদাৰ, কোষাধ্যক্ষ হৰকান্ত বডা, যুটীয়া সাধাৰণ সম্পাদক সঞ্জীৱ চৌধুৰীৰ লগতে কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে৷ ইফালে কাইলৈৰ পৰা নর্থ–ইষ্ট পেক্ট টেন্সপ’টার্ছ এছ’চিয়েচনৰ ৰন্ধন গেছ চিলিণ্ডাৰ পৰিবহণ সেৱা অনির্দিষ্টকাললৈ বন্ধ ৰখাৰ বাবে লোৱা সিদ্ধান্তৰ ফলত ৰাজ্যখনৰ লগতে উত্তৰ–পূবৰ ৰাজ্যসমূহত ৰন্ধন গেছ চিলিণ্ডাৰৰ তীব্র নাটনি হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ এইক্ষেত্রত নর্থ–ইষ্ট পেক্ট টেন্সপ’টার্ছ এছ’চিয়েচনৰ এই ধর্মঘটৰ ক্ষেত্রত ভাৰতীয় তেল নিগম, কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্রহণ কৰিব সেয়া লক্ষণীয় হ’ব৷

You might also like