নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইংলেণ্ডৰ নিউ কাচ্ছলত বিবিচি প্ৰ’মছৰ সংগীত মহোৎসৱত নগাঁৱৰ জাহ্নৱীৰ শাস্ত্ৰীয় সংগীত পৰিৱেশন

বিশেষ বাৰ্তা, ২৭ জুলাই: নগাঁও চহৰৰ পাৱাৰ হাউছ চাৰিআলি নিৱাসী জাহ্নৱী বৰুৱাই ইংলণ্ডৰ নিউ কাচ্ছল নগৰীত অনুষ্ঠিত বিশ্বৰ আগশাৰীৰ টেলিভিছন চেনেল বি বি চি প্ৰ’মছ (BBC Proms)ৰ পাশ্চাত্য শাস্ত্ৰীয় সঙ্গীত মহোৎসৱত কণ্ঠশিল্পী হিচাপে অংশগ্ৰহণৰ সুযোগ লাভ কৰাৰ খবৰে ৰাজ্যখনৰ সংগীত জগতখনত আশাৰ বতৰা কঢ়িয়াই আনিছে । উল্লেখযোগ্য যে বিশ্ববিশ্ৰুত ৰয়েল এলবাৰ্ট হলত যোৱা ১৫ জুলাইৰ পৰা ১০ ছেপ্টেম্বৰলৈ প্ৰায় দুমাহ ধৰি অনুষ্ঠিত হৈ থকা পাশ্চাত্য শাস্ত্ৰীয় সংগীতৰ এই বাৰ্ষিক মহাসমাৰোহটিৰ এটা দিনৰ এটি বিশেষ পৰ্ব দেশখনৰ নিউ কাচ্ছলৰ ছেইজ গেইটহে’ড প্ৰেক্ষাগৃহত অতি আকৰ্ষণীয়ভাৱে ২৩ জুলাইৰ সন্ধিয়া অনুষ্ঠিত হৈছিল । “ৰয়েল নৰ্দাৰ্ণ ছিনফ’নিয়া কোৱাইৰ” (Royal Northern Sinfonia Choir) দলত অল্ট’ শাখাৰ কণ্ঠশিল্পী হিচাপে অন্তৰ্ভূক্ত হ’বলৈ সুবিধা পোৱা জাহ্নৱী বৰুৱাই উনচল্লিশ গৰাকী ছপ্ৰেন’, বিছ গৰাকী অল্ট’, দহ গৰাকী টেনৰ আৰু আঠ গৰাকী বে’ছ গায়কৰ মাজত ফাৰ্ষ্ট অল্ট’ হিচাপে অংশগ্ৰহণ কৰে । দলটোৰ পৰিচালক হিচাপে আছিল খ্যাতনামা সংগীতজ্ঞ গ্ৰেচ ৰছিটাৰ (Grace Rossiter)। অনুষ্ঠানত যন্ত্ৰ সংগীতৰ বৃহৎ দলটো পৰিচালনা কৰে পৰ্টুগালৰ বিখ্যাত পিয়ান’ বাদক তথা সংগীতজ্ঞ ডিনিছ ছওজে (Dinis Souse)। উল্লেখ থাকে যে, নিউ কাচ্ছল বিশ্ববিদ্যালয়ত লেণ্ডস্কেইপ অৰ্কিটেক্সাৰ বিভাগত অধ্যয়নৰত জাহ্নৱী নগাঁৱৰ বিশিষ্ট লেখক, অনুবাদক, সঙ্গীত-আলোচক কৃষ্ণ দুলাল বৰুৱা আৰু কৃতী শিক্ষয়িত্ৰী সঙ্গীতা বৰুৱাৰ একমাত্ৰ জীয়ৰী । জাহ্নৱী বৰুৱাই বৰ্তমান লণ্ডনৰ নিউ কাছল বিশ্ববিদ্যালয়ত এটি বিষয়ত অধ্যয়ন কৰি আছে। অতি মেধাৱী তথা প্ৰতিভাৱান ছাত্ৰী হিচাপে পৰিচিত জাহ্নৱীয়ে নিজেই গীটাৰ বজায় আৰু সুন্দৰভাৱে গীত পৰিবেশন কৰে। যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰাৰ অন্তত তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰাৰ বাবে বিগত ২০২১ চনত লণ্ডন অভিমুখে ঢাপলি মেলে।

প্ৰেৰক কনক হাজৰিকা

You might also like