ধুবুৰীত ‘লোককল্যাণ দিৱস’ পালন – তিনিগৰাকী চৰকাৰী কৰ্মচাৰীক ‘লোকসেৱা বঁটা’ প্ৰদান
নিয়মীয়া বাৰ্তা,৫ আগষ্টঃ অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ আজিৰ মৃত্যু তিথিৰ দিনটো জিলা প্ৰশাসনৰ উদ্যোগত ধুবুৰীস্থ জিলা পুথিভড়াল প্ৰেক্ষাগৃহত আয়োজিত এক বিশেষ কাৰ্য্যসূচীৰ মাজেৰে ‘লোককল্যাণ দিৱস’ হিচাপে পালন কৰা হয়৷ উক্ত অনুষ্ঠানতেই জিলাখনৰ তিনিগৰাকী কৰ্মচাৰী ক্ৰমে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক সঞ্জীৱ পাল চৌধুৰী, ধুবুৰী জিলাৰ অতিৰিক্ত চিকিৎসা আৰু স্বাস্থ্য বিষয়া কাৰ্যালয়ৰ আৰবান এক্সটেনছন এডুকেটৰ পম্পী ৰাণী সাহা আৰু ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ অফিছ পিয়ন কাঞ্চন কুমাৰক আনুষ্ঠানিকভাৱে ‘লোকসেৱা বঁটা’ প্ৰদান কৰা হয়৷ সমৰ্পিত সেৱা, নিয়মানুৱৰ্তিতা আৰু সততাৰে কৰ্তব্য পালন কৰা বাবে তেওঁলোকক দিয়া বঁটাত আছে নগদ ২৫ হেজাৰ টকা, প্ৰমাণপত্ৰকে ধৰি এবছৰ চাকৰি কাৰ্যকাল বৃদ্ধিও৷ আজিৰ এই কাৰ্যসূচীত জিলা উপায়ুক্ত অন্বামুথন এম পি প্ৰমুখ্যে জিলা প্ৰশাসনৰ কেবাজনো শীৰ্ষ বিষয়া, ধুবুৰী পৌৰসভাৰ সভাপতি ডাঃ দেৱময় সান্যাল আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু স্থানীয় ৰাইজ উপস্থিত আছিল৷
প্ৰেৰকঃ অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী