নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূল্যবৃদ্ধি ৰোধ-নিৱনুৱা সমস্যা সমাধান-বান সাহায্য প্ৰদানৰ দাবীত মৰিয়নিত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্য্যসূচী

নিয়মীয়া বাৰ্তা,৫ আগষ্টঃ নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰা, ভয়াবহ গতিত বৃদ্ধি পাই অহা নিৱনুৱা সমস্যা সমাধান কৰা, অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত আৰোপ কৰা জি এছ টি প্ৰত্যাহাৰ কৰা, বানপানীত ক্ষতিগ্ৰস্ত লোকক যথোপযুক্ত বান সাহায্য প্ৰদান কৰাকে ধৰি কেবাটাও সমস্যা সমাধানৰ দাবীত ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে আজি মৰিয়নিতো কংগ্ৰেছ দলে প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে । মৰিয়নিৰ কংগ্ৰেছ ভৱনৰ পৰা কংগ্ৰেছী প্ৰতিবাদকাৰীসকলে মৰিয়নি নগৰৰ মাজেৰে সমদল কৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়লৈ যায় আৰু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যলয় ঘেৰাও কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে। তাতেই ৰাজহ চক্ৰ বিষয়াৰ যোগেদি অসমৰ ৰাজ্যপাললৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰি এই সমস্যাসমূহ সমাধান দাবী জনায় ।

You might also like