কমনৱেলথৰ খেলৰ মাজতে স্পীকাৰ খহিল ষ্টেডিয়ামৰ
নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ আয়োজকৰ বাবে লজ্জাজনক ঘটনা সংঘটিত হ’ল কমনৱেলথ গেমছত৷ খেল চলি থকাৰ মাজতে হঠাৎ খালী কৰি দিয়া হ’ল মল্লযুঁজৰ ষ্টেডিয়াম৷ পিছত জানিব পৰা যায় যে ষ্টেডিয়ামৰ ছাদত লগোৱা স্পীকাৰ সৰি পৰে৷ সেই কাৰণে এনে সিদ্ধান্ত লোৱা হয়৷ মাত্র পাঁচখন মেচৰ পিছতে এই দুর্ঘটনাটো ঘটে৷ এগৰাকী মেট চেয়াৰমেনৰ ওচৰত স্পীকাৰটো খুলি পৰে৷ বিভিন্ন খেলৰ ফলাফল ঘোষণা কৰাৰ বাবে এই স্পীকাৰটো লগোৱা হৈছিল৷ ছেভেনটাৰী ষ্টেডিয়ামত এই ঘটনাৰ পিছতে কিছু সময়ৰ বাবে খেল বন্ধ কৰা হয়৷ ভাৰতীয় মল্লযোদ্ধা দীপক পুনীয়াই সেই সময়ত নিজৰ মেচত বিজয়ী হৈছিল৷ পিছত স্থানীয় সময় অনুসৰি দুপৰীয়া ১২.৪৫ বজাত পুনৰ খেল আৰম্ভ কৰা হয়৷