নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজ্ঞাপনত অক্রিকেটীয় খেলুৱৈঃ নীৰজহঁতৰ ওপৰত দৃষ্টি স্প’নছৰৰ

নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ অচিন্ত্য ছিউলী, সংকেত সাৰগৰ, লাভলী চৌবে অথবা নয়নমণি শইকীয়া আদিৰ নামৰ সৈতে কিছুদিন আগলৈকে অপৰিচিত আছিল ক্রীড়া অনুৰাগী৷ চলিত কমনৱেলথ গেমছে তেওঁলোকক শিৰোনামলৈ আনিছে৷ সংকেতে ৰূপ লাভ কৰি ভাৰতক প্রতিযোগিতাখনত প্রথমটো পদক উপহাৰ দিছে৷ স্বর্ণ জয় কৰিছে জেৰেমি, অচিন্ত্য, নয়নমণিহঁতে৷ মীৰাবাঈ চানুৱেও জয় কৰিছে সোণৰ পদক৷ তেওঁলোকৰ সাফল্যই কেৱল সর্বসাধাৰণৰে নহয়, বিভিন্ন ব্রেণ্ডৰো দৃষ্টি আকর্ষণ কৰিছে এই অক্রিকেটীয় খেলুৱৈসকলে৷

কমনৱেলথ গেমছত এইবাৰৰ ভাৰতীয় দলৰ স্প’নছৰ জিন্দাল গোষ্ঠী৷ ইয়াৰ লগতে বার্মিংহামলৈ খেলিবলৈ যোৱা এথলীটসকলৰ ফালে সাহায্যৰ হাত আগবঢ়াইছে ৰিলায়েঞ্চ আৰু আদানিৰ দৰে সংস্থাসমূহে৷ বহুতৰ সৈতে এই সংস্থাসমূহে ২০২৪ৰ পেৰিছ অলিম্পিক পর্যন্ত চুক্তিও কৰিছে৷ অক্রিকেটীয় খেলুৱৈসকলক তেওঁলোকে গুৰুত্ব দিছে৷

তথ্য অনুসৰি ২০২১চনত ভাৰতত স্প’টছ স্প’নছৰশ্বিপৰ ১২ শতাংশ লাভ কৰিছিল অক্রিকেটীয় খেলসমূহে৷ বাকী ৮৮ শতাংশই লাভ কৰে ক্রিকেটে৷ ক’ৰোনাৰ অতিমাৰীৰ পিছত ক্রিকেটৰ বাহিৰে অন্য খেলসমূহৰ স্প’নছৰশ্বিপ বৃদ্ধি পায় প্রায় ৮ শতাংশ৷ দেখা গৈছে এতিয়াও স্প’নছৰশ্বিপৰ বৃহৎ অংশ ক্রিকেটে লাভ কৰিলেও অন্য খেলসমূহেও গুৰুত্ব পাবলৈ আৰম্ভ কৰিছে৷ চলিত বর্ষত এইপর্যন্ত ক্রিকেটৰ বাহিৰে অন্য খেলসমূহে প্রায় ১৫ শতাংশ স্প’নছৰশ্বিপ লাভ কৰিছে৷

এক শীতল পানীয়ৰ সংস্থাই বিভিন্ন খেলুৱৈক লৈ বিজ্ঞাপন তৈয়াৰ কৰিছে৷ তাত আছে পেৰা অলিম্পিকৰ স্বর্ণ পদক বিজয়ী অৱনী লেখাৰা আৰু বিশ্ব বক্সিঙত স্বর্ণ পদক বিজয়ী মহিলা বক্সাৰ নিখাট জাৰিন৷ ৰিলায়েঞ্চ গ্রুপে আশ্বাস দিছে যে তেওঁলোকে এছিয়ান গেমছ আৰু পেৰিছ অলিম্পিকৰ দৰে প্রতিযোগিতাত খেলুৱৈসকলৰ ওচৰত থাকিব৷ নেষ্টলে আৰু জে এছ ডব্লিউৱে একেলগে পাতিয়ালাৰ নেচনেল ইনষ্টিটিউট অৱ স্প’টছক উন্নত প্রশিক্ষক, সা–সৰঞ্জাম আৰু আন্তঃগাঁথনিৰ ব্যৱস্থা কৰিবলৈ সাহায্য আগবঢ়াইছে৷ তেওঁলোকে তৈয়াৰ কৰা বিজ্ঞাপনত অলিম্পিকৰ স্বর্ণ বিজয়ী নীৰজক দেখা গৈছে৷ তাৰ লগতে আছে হাইজাম্পাৰ দেৱা কার্তিক আৰু জুডো চেম্পিয়ন অ’লিভিয়া৷

You might also like