দুর্ঘটনাত প্রাণ হেৰুৱালে দঃ আফ্রিকাৰ আম্পায়াৰ ৰুডিয়ে
নিয়মীয়া বাৰ্তা, ১০ আগষ্টঃ দক্ষিণ আফ্রিকাৰ প্রাক্তন ক্রিকেট আম্পায়াৰ ৰুডি কোৱের্টজেনে গাড়ী দুর্ঘটনাত প্রাণ হেৰুৱায়৷ সেই দুর্ঘটনাত তেওঁৰ উপৰি আৰু তিনিজনৰ মৃত্যু হৈছে৷ আজি পুৱাই এই শোকাৱহ দুর্ঘটনাটো সংঘটিত হয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৩ বছৰ৷ কেপটাউনৰ পৰা গৃহ অভিমুখে উভতি যোৱাৰ সময়ত তেওঁৰ গাড়ী দুর্ঘটনাত পতিত হয়৷ প্রয়াত ৰুডিৰ পুত্রই জনোৱা মতে, বন্ধুসকলৰ সৈতে গ’ল্ফ খেলিবলৈ গৈছিল তেওঁৰ পিতৃ৷ তাৰ পৰা উভতি অহাৰ সময়তে শোকাৱহ দুর্ঘটনাত তেওঁ প্রাণ হেৰুৱায়৷ উল্লেখ্য যে কোৱের্টজেনে ১৯৯২ চনত আম্পায়াৰিং আৰম্ভ কৰি ২০১০ চন পর্যন্ত অব্যাহত ৰাখে৷ ২০০৩ আৰু ২০০৭ চনৰ বিশ্বকাপ ক্রিকেটত তেওঁ আম্পায়াৰিং কৰিছিল৷ ধীৰ গতিত আঙুলি দাঙি আকর্ষণীয় ভংগীত আউট দিছিল তেওঁ৷ ১০৮খন টেষ্ট আৰু ২০৯খন এদিনীয়া তথা ১৪খন টি–২০ মেচতো আম্পায়াৰিং কৰিছিল ৰুডিয়ে৷