নিয়মীয়া বাৰ্তা, ১৬ আগষ্টঃ ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ মুখপাত্ৰ পীযুষ হাজৰীকাই স্বাধীনতাৰ অমৃত মহোৎসৱৰ বিশেষ ক্ষণত আজি ৰাজ্যখনৰ বৈদ্যুতিন মাধ্যম আৰু বাতৰিকাকতৰ সম্পাদক আৰু কাৰ্যবাহী সম্পাদকসকলৰ সৈতে এক সৌজন্যমূলক আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে আজিৰ আলোচনাত সাংবাদিকসকলৰ বিভিন্ন সমস্যা সম্পৰ্কে বুজ লোৱাৰ লগতে এখন উমৈহতীয়া সমিতি গঠন কৰি সাংবাদিকসকলৰ সকলো সমস্যা তথা বিষয় লিপিবদ্ধ ৰূপত উপস্থাপন কৰিবলৈ আহ্বান জনায়, যাতে চৰকাৰে পৰ্যায়ক্ৰমে সমস্যাসমূহ সমাধানৰ বাবে ব্যৱস্থা ল’ব পাৰে।