নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত স্বাধীনতা দিৱসত মুখ্য অতিথি মন্ত্ৰী ডাঃ ৰণোজ পেগু

নিয়মীয়া বাৰ্তা, ১৬ আগষ্টঃ দেশৰ ৭৬ সংখ্যত স্বাধীনতা দিৱস উপলক্ষে কালি জিলা প্ৰশাসনৰ উদ্যোগত ধুবুৰী চহৰৰ মাজমজিয়াৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত আয়োজিত এক বিশেষ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পাছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু৷ প্ৰথমে ধুবুৰী জিলা উপয়ুক্ত কাৰ্যালয়ৰ চৌহদত থকা গান্ধীজীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পনেৰে শ্ৰদ্ধা নিবেদন কৰি ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ স্বাধীনতা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানথলীলৈ উপস্থিত হয় মন্ত্ৰীগৰাকীয়ে। জিলা উপায়ুক্ত অন্বামুথন এম পি আৰু আৰক্ষী অধীক্ষক অভিজিত গুৰাৱ সহ ছহিদ তৰ্পন কাৰ্যসূচীত ভাগ লোৱাৰ পিছত তেওঁ সাধাৰণ অভিবাদন গ্ৰহণ কৰে আৰু পেৰেড পৰিদৰ্শন কৰে৷ পুৱা ৯ বজাত তেওঁ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মুখ্য অতিথি হিচাপে দিয়া ভাষণত তেওঁ অসম চৰকাৰে সমগ্ৰ ৰাজ্য আৰু ধুবুৰী জিলাৰ উন্নয়ণৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে ব্যাখ্যা কৰে৷ মুখ্য অতিথিৰ ভাষণৰ পিছতে আৰক্ষী, বি এছ এফ, এন চি চি আৰু বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ দলে পেৰেড মাৰ্চ পাষ্ট কৰে৷ বিহু নৃত্য, সত্ৰীয় নৃত্য, গোৱালিনী নৃত্য আৰু দেশভক্তিমূলক নৃত্যৰ সমাহাৰেৰে আয়োজিত যোৱাকালিৰ স্বাধীনতা দিৱসৰ সেই বৰ্ণ্যাঢ্য কাৰ্যসূচী উপভোগ কৰিবলৈ প্ৰখৰ ৰ’দকো নেওচি চহৰখনৰ সৰ্বসাধাৰণ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ অনুষ্ঠানথলীলৈ উপস্থিত হোৱাও পোৱা যায়।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like