নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত শ্ৰম বিভাগত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ পঞ্জীয়নৰ নিৰ্দেশ ধেমাজি জিলাৰ শ্ৰম বিষয়া ড৹ ভৱজীত দলেৰ

নিয়মীয়া বাৰ্তা, ২২ আগষ্ট:: জোনাই মহকুমা অন্তৰ্গত যিবোৰ দোকান বা প্ৰতিষ্ঠানে অসম দোকান আৰু প্ৰতিষ্ঠান আইন  1971 অনুসৰি এতিয়াও পঞ্জীয়ন হোৱা নাই এনে দোকান বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰ সকলক শ্ৰম বিভাগত অতি শীঘ্ৰে পঞ্জীয়ন বা নৱীকৰণৰ নিৰ্দেশ দিছে ধেমাজি জিলাৰ শ্ৰম বিষয়া ড0 ভৱজীত দলেয়ে। যোৱা শনিবাৰে ধেমাজি জিলাৰ শ্ৰম বিষয়া ড0 ভৱজীত দলেৰ নেতৃত্বত এক সজাতি দলে জোনাইৰ কেইবাখনো দোকান‌ বা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ পৰিদৰ্শন কৰি এই নিৰ্দেশ দিয়ে। লগতে যি সকল ব্যৱসায়িক প্ৰতিষ্ঠান বা দোকানে এতিয়াও পঞ্জীয়ন কৰা হোৱা নাই এই দোকান বা প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী সকলে অহা ইং 25/08/2022 তাৰিখৰ ভিতৰত জোনাই স্থিত জোনাই মৌজাদাৰ কাৰ্যালয়ৰ বিপৰীতে থকা কাৰ্যালয়ত পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে ড0 ভৱজীত দলেয়ে।
You might also like