নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বীৰকুচিত জীৱন্ত সৰ্প লৈ ঘূৰি ফুৰা পথচাৰীক আটক কৰিলে আৰক্ষীয়ে

মহানগৰ বাৰ্তা, ২২ আগষ্ট: বীৰকুচিৰ ৰাজপথত জীৱন্ত সৰ্প এডাল ডিঙিত ওলোমাই এজন লোক ঘূৰি ফুৰাক কেন্দ্ৰ কৰি এক আতাংকময় পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত। বিষাক্ত সৰ্প লৈ আচহুৱা আচৰণ কৰা লোকজনক পিছত আৰক্ষী আৰু ৰাইজে বহু চেষ্টাৰ অন্তত কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ঘটনাৰ বিৱৰণী অনুসৰি বীৰকুচি অঞ্চলৰে জনৈক ধনে নামৰ লোকজনে এডাল বিষাক্ত সৰ্প ডিঙিত লৈ ৰাজপথত ঘূৰি ফুৰা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে।

ৰাইজে জানিব দিয়া মতে লোকজনে সাপডাল লৈ আন পথচাৰীৰ ফালে চোচা লোৱাৰ লগতে বিভিন্ন আচহুৱা আচৰণ কৰে ৰাজপথৰ মাজত। আনকি কেবাজন পথচাৰী আৰু বাহনত আক্ৰমণ চলায় উদ্দত লোকজনে। ফলত এক অতাংকময় পৰিস্থিতিৰ সৃষ্টি হোৱাত কিছু সময়ৰ বাবে একপ্ৰকাৰ যাতায়াত স্তব্ধ হৈ পৰে পথটোত। উপায়ন্তৰ হৈ আৰক্ষী আৰু বন বিভাগক খবৰ দিয়ে ৰাইজে। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ৰাইজৰ সহযোগত অশেষ চেষ্টাৰ অন্তত কৰায়ত্ত কৰে সৰ্পডালৰ লগতে লোকজনক।

You might also like