নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধনকুবেৰ মাস্কৰ বার্ষিক দৰমহা ৮০ হাজাৰ কোটি টকা

নিয়মীয়াবাৰ্তা, ২৪আগষ্ট: বাণিজ্য সম্পর্কীয় সংবাদ মাধ্যম ব্লুমবার্গে শেহতীয়াকৈ প্রকাশ কৰা এক প্রতিবেদনত বিশ্বৰ সর্বোচ্চ বেতনপ্রাপ্ত ১৪গৰাকী মুখ্য কার্যবাহী বিষয়া অর্থাৎ চি ই অ’ৰ এক তালিকা প্রকাশ কৰিছে৷ ২০২১ চনৰ তথ্যৰ ওপৰত ভিত্তি কৰি প্রস্তুত কৰা এই প্রতিবেদনত চি ই অ’ৰ বেতনৰ পৰিমাণ দেখিলে সকলোৰে চকু কপালত উঠিব৷ ব্লুমবার্গৰ প্রতিবেদন অনুসৰি এই তালিকাৰ শীর্ষত আছে টেছলাৰ চি ই অ’ এলন মাস্ক৷

ভাৰতীয় মুদ্রাৰ হিচাপত মাস্কৰ বার্ষিক বেতন বছৰি আনুমানিক ৮০ হাজাৰ কোটি টকা৷ তালিকাৰ দ্বিতীয় স্থানত আছে ৰিভিয়ান অট’মোটিভ সংস্থাৰ চি ই অ’ ৰবার্ট স্কেৰিঞ্জে৷ এলন মাস্কে বছৰি যিমান পৰিমাণৰ ধন বেতন হিচাপে লাভ কৰে তাৰ এক পঞ্চমাংশ বার্ষিক বেতন পায় স্কেৰিঞ্জেই৷ ৰবার্ট স্কেৰিঞ্জেৰ বার্ষিক বেতন ১৮ হাজাৰ কোটি টকা৷ সেইদৰে তালিকাৰ দ্বিতীয় স্থানত আছে এপ’ল সংস্থাৰ চি ই অ’ টিম কুকৰ বার্ষিক বেতন প্রায় ৭ হাজাৰ কোটি টকা৷ ১৪ চি ই অ’ৰ ভিতৰত অধিক বেতন লাভ কৰা একমাত্র মহিলা হৈছে পেৰিছৰ প্রধান সামগ্রী বিক্রী কৰা সংস্থা এটাৰ চি ই অ’ ছুয়ে নাবি৷ এই মহিলাগৰাকীৰ বার্ষিক বেতন ২,২৬৭ কোটি টকা৷

You might also like