অনলাইন গেমৰ ভয়ংকৰ পৰিনতি৷ মিছামাৰীত অনলাইন গেমে প্ৰাণ কাঢ়িলে এজন উদীয়মান যুৱকৰ জীৱন। শোণিতপুৰ জিলাৰ মিছামাৰীত অৱস্থিত ভাৰতীয় তেল নিগম চমুকৈ আই অ চি ডিপোত কৰ্মৰত ডিব্ৰুগড়ৰৰ এজন প্ৰশিক্ষণপ্ৰাপ্ত অভিযন্তাই চৰম পন্থা বাচি লোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
মৃত যুৱকজনক ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ বাসিন্দা ৰূপম ফুকন বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত তথ্য মতে, যোৱা এপ্ৰিল মাহৰ পৰা ৰূপম ফুকনে মিছামাৰীৰ আই অ চি ডিপোত অভিযন্তাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল।
মিছামাৰীৰ পাতিদৈ ভেৰেলা গাঁৱৰ বাসিন্দা গণেশ পাটোৱাৰী নামৰ লোকজনৰ ভাড়া ঘৰত আন দুজন সহকৰ্মীৰ সৈতে ভাড়াতীয়া হিচাপে আছিল যুৱকজন। কিন্তু নিজ ভাড়া ঘৰৰ ভিতৰতে ৰূপম ফুকনে আত্মহননৰ দৰে চৰম পথ বাচি লয়।
পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত অৱগত হোৱাত মিছামাৰী আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।
মৃত ৰূপম ফুকনৰ সহকৰ্মীসকলে প্ৰকাশ কৰা অনুসৰি, যুৱকজন কিছুদিন ধৰি অনলাইন গেমৰ প্ৰতি তীব্ৰভাৱে আসক্ত হৈ পৰিছিল। অনলাইন গেম খেলি সৰ্বস্বান্ত হোৱাৰ পিছত মানসিক হাৰাশাস্তি সহ্য কৰিব নোৱাৰি যুৱকজনে হিতাহিত জ্ঞান হেৰুৱাই পেলাই আৰু চৰম সিদ্ধান্ত গ্ৰহণ কৰে বুলি সন্দেহ কৰিছে৷
আত্মহননৰ পূৰ্বে যুৱকজনে নিজৰ মোবাইল ফোনত এটা চুইচাইড নোট লিখি থৈ গৈছে। য’ত অনলাইন গেমৰ বাবেই তেওঁ তীব্ৰ মানসিক হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল বুলি স্পষ্টকৈ উল্লেখ কৰিছে।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ক্ষিপ্ৰ তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাই সমগ্ৰ ৰাজ্যতে অনলাইন গেমৰ কূ-প্ৰভাৱ আৰু ইয়াৰ ফলত যুৱ প্ৰজন্ম ধ্বংসৰ মুখলৈ গতি কৰা বিষয়টোক পুনৰবাৰ চৰ্চালৈ আনিছে।
নিয়মীয়া বাৰ্তা মিছামাৰী, ১৯ জুন