ফিফা বিশ্বকাপ-২০২৬ : দৰ্শনীয় বিজয় সহঃ আয়োজক কানাডাৰ
ফিফা বিশ্বকাপ ২০২৬ত সহ-আয়োজক কানাডাই বৃহস্পতিবাৰে গ্ৰুপ ‘বি’ৰ এখন খেলত কাটাৰক ৬-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ইতিহাসত নিজৰ প্ৰথম বিজয় সাব্যস্ত কৰে।
কানাডাৰ হৈ জনাথন ডেভিদে হেটট্ৰিক সম্পূৰ্ণ কৰাৰ লগতে চাইল লাৰিন আৰু নাথান ছালিবাই এটাকৈ গ’ল দিয়ে। ইয়াৰ উপৰি কাটাৰৰ এটা আত্মঘাতী গ’লে কানাডাৰ বৃহৎ জয় নিশ্চিত কৰে। ভেংকুভাৰৰ বি চি প্লেচ ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত কানাডাই সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰে।
এই জয়ৰ ফলত গ্ৰুপত শক্তিশালী স্থান লাভ কৰিছে কানাডাই। পৰৱৰ্তী খেলত ছুইজাৰলেণ্ডৰ বিৰুদ্ধে ড্ৰ’ কৰিলেই দলটোৱে গ্ৰুপত শীৰ্ষস্থান নিশ্চিত কৰিব। আনহাতে, কাটাৰ আৰু ব’ছনিয়া-হাৰ্জেগ’ভিনাই তৃতীয় স্থানৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব।
খেলখন উপভোগ কৰিবলৈ কানাডাৰ প্ৰধানমন্ত্ৰীসহ বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল। কিন্তু ৫১ মিনিটত মিডফিল্ডাৰ ইছমাইল ক’নে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত উদযাপন ম্লান হৈ পৰে। কাটাৰৰ আছিম মাদিব’ই পিছফালৰ পৰা বেপৰোৱা টেকল কৰাত ক’নে মাটিত লুটি পৰে।
দুখন ৰেড কাৰ্ড লাভ কৰাৰ পিছত কাটাৰ নজনীয়া দলত পৰিণত হয়, যাৰ সুযোগ লৈ কানাডাই ৰক্ষণভাগত সৃষ্টি হোৱা ফাঁকসমূহৰ সদ্ব্যৱহাৰ কৰে।
এছিয়াৰ অন্যতম শক্তিশালী দল কাটাৰৰ ওপৰত কানাডাই আৰম্ভণিৰে পৰা নিৰন্তৰ চাপ সৃষ্টি কৰি একৰ পিছত এটাকৈ গ’ল কৰে। খেল শেষ হোৱাৰ পিছত দুয়োটা দলৰ খেলুৱৈসকলৰ মাজত একপ্ৰকাৰ সংঘৰ্ষৰ সৃষ্টি হয় আৰু ফিফাৰ বিষয়ববীয়া আৰু দুয়োটা দলৰ কৰ্মচাৰীয়ে হস্তক্ষেপ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
ডিজিটেল ডেস্ক, ১৯ জুন