বিশ্বব্যাপী বনাঞ্চল নিৰীক্ষণকাৰী সংস্থা গ্ল’বেল ফৰেষ্ট ৱাচে সদ্য প্ৰকাশ কৰা এক প্ৰতিবেদনত অসমৰ পৰিৱেশ আৰু বনাঞ্চলক লৈ অতি উদ্বেগজনক তথা ভয়াৱহ তথ্য পোহৰলৈ আহিছে। প্ৰতিবেদন অনুসৰি, ২০০১ চনৰ পৰা ২০২৫ চনৰ ভিতৰত অসমে প্ৰায় ৩,৬০,০০০ হেক্টৰ (৩,৬০০ বৰ্গ কিলোমিটাৰ) বৃক্ষ আৱৰণ হেৰুৱাইছে। আৰু এয়া সমগ্ৰ ভাৰতৰ ভিতৰতে সৰ্বাধিক বুলি চিহ্নিত কৰা হৈছে।
উদ্বেগজনক বিষয়টো হৈছে বিগত আঢ়ৈ দশকত অসমে হেৰুওৱা এই বৃক্ষ আৱৰণ, ২০০০ চনৰ মুঠ বৃক্ষ আৱৰণৰ প্ৰায় ১৩ শতাংশ। ততোধিক উদ্বেগজনক বিষয়টো হৈছে বনাঞ্চল ধ্বংসৰ ফলত বায়ুমণ্ডললৈ প্ৰায় ১৮০ মেগাটন পৰিমাণৰ কাৰ্বন ডাই অক্সাইড গেছ নিৰ্গমন হৈছে যি গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগাইছে।
প্ৰতিবেদন অনুসৰি ২০০২ চনৰ পৰা ২০২৫ চনৰ ভিতৰত অসমে ৭৭,০০০ হেক্টৰ ঘন চিৰসেউজ বা প্ৰাথমিক বনাঞ্চল হেৰুৱাইছে। যি হৈছে ৰাজ্যখনৰ মুঠ বৃক্ষ আৱৰণ ধ্বংসৰ প্ৰায় ২২ শতাংশ। বনাঞ্চল ধ্বংসৰ আটাইতকৈ ক্ষতিগ্ৰস্ত অঞ্চল হৈছে ৰাজ্যৰ দুখন পাৰ্বত্য জিলা। অতি উদ্বেগজনকভাৱে ৰাজ্যৰ মুঠ বনাঞ্চল ধ্বংসৰ প্ৰায় ৬২ শতাংশ কেৱল কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত হৈছে।
কাৰ্বি আংলঙে সৰ্বাধিক ১,৩০,০০০ হেক্টৰ আৰু ডিমা হাচাওৱে ৯০,০০০ হেক্টৰ বৃক্ষ আৱৰণ যোৱা ২৫ বছৰত হেৰুৱাইছে। ইয়াৰ পিছতে আছে শোণিতপুৰ (১৮,০০০ হেক্টৰ), তিনিচুকীয়া (১৬,০০০ হেক্টৰ) আৰু কোকৰাঝাৰ (১৫,০০০ হেক্টৰ) জিলা। গ্ল’বেল ফৰেষ্ট ৱাচৰ প্ৰতিবেদন অনুসৰি ২০১৬ চনত অসমত সৰ্বাধিক বনাঞ্চল তথা বৃক্ষ আৱৰণ হেৰুৱা পৰিলক্ষিত হৈছে।
উক্ত চনত ৰাজ্যখনত ২৫,০০০ হেক্টৰ বৃক্ষ আৱৰণ হেৰুৱাৰ বিপৰীতে ৪,৯০০ হেক্টৰ প্ৰাথমিক বনাঞ্চল হ্ৰাস পাইছে। ইয়াৰ পূৰ্বে ২০১৪ চনত ২৩,০০০ হেক্টৰ বৃক্ষ আৱৰণ হেৰুৱাৰ বিপৰীতে ২০০৯ চনত ৪,৭০০ হেক্টৰ প্ৰাথমিক বনাঞ্চল হ্ৰাস পাইছে অসমত।
আনহাতে যোৱা বছৰ অৰ্থাত ২০২৫ চনত অসমত ১৭,০০০ হেক্টৰ বৃক্ষ আৱৰণ হ্ৰাস পোৱা বুলি প্ৰতিবেদনখনত প্ৰকাশ পাইছে। একেদৰে উক্ত চনত ৩,৪০০ হেক্টৰ প্ৰাথমিক বনাঞ্চলও হ্ৰাস পোৱাৰ উদ্বেগজনক তথ্য় পোহৰলৈ আহিছে।
মন কৰিব লগীয়া যে ফৰেষ্ট ৱাচৰ প্ৰতিবেদন অনুসৰি দেশত হ্ৰাস পোৱা মুঠ বৃক্ষ আৱৰণৰ প্ৰায় ৬০ শতাংশই হৈছে উত্তৰপূৰ্বাঞ্চলৰ পাঁচ খন ৰাজ্যৰ পৰা। তালিকাৰ শীৰ্ষত থকা অসমৰ ৩,৬০,০০০ হেক্টৰৰ পাছত মিজোৰামত যোৱা আঢ়ৈ দশকত ৩,৫০,০০০ হেক্টৰ, নাগালেণ্ডত ২,৮০,০০০ হেক্টৰ, মণিপুৰত ২,৭০,০০০ হেক্টৰ আৰু মেঘালয়ত ২,৫০,০০০ হেক্টৰ বৃক্ষ আৱৰাণ হ্ৰাস পোৱাৰ তথ্য প্ৰতিবেদনখনত প্ৰকাশ পাইছে।
পৰিবেশবিদ সকলৰ মতে, বনাঞ্চল সংকুচিত হোৱাৰ বাবে অসম তথা সমগ্ৰ উত্তৰপূৰ্বাঞ্চলত বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত তীব্ৰতৰ হৈ পৰিছে। ইয়াৰ উপৰি অনিয়মিত বানপানী, ভূমিস্খলন আৰু খৰাং সদৃশ পৰিস্থিতিৰ বাবেও এই অনিয়ন্ত্ৰিত বন ধ্বংসই জগৰীয়া। অবৈধ উপায়েৰে গছ কটা, ঝুম খেতিৰ নিচিনা কৃষি ভূমিৰ সম্প্ৰসাৰণ আৰু আন্তঃগাঁথনি উন্নয়নমূলক কাম-কাজৰ বাবেই এনেদৰে বনাঞ্চল ধ্বংস হ’বলৈ পাইছে বুলি ফৰেষ্ট ওৱাচৰ প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে।
লক্ষ্যনীয়ভাৱে অসমত বিগত দুই দশকত নতুনকৈ বৃক্ষ আৱৰণ কিছু পৰিমাণে বৃদ্ধি পোৱাও পৰিলক্ষিত হৈছে। কোৱা হৈছে অসমে ২০০০ চনৰ পৰা ২০২০ চনলৈকে প্ৰায় ১,৬০,০০০ হেক্টৰ নতুনকৈ বৃক্ষ আৱৰণ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে যদিও ধ্বংস হোৱা বনাঞ্চলৰ তুলনাত এয়া অতি নগণ্য।
পৰিৱেশ সংৰক্ষণৰ বাবে চৰকাৰে আৰু অধিক কঠোৰ পদক্ষেপ গ্ৰহণ নকৰিলে অনাগত দিনত অসম তথা সমগ্ৰ উত্তৰপূৰ্বাঞ্চল তীব্ৰ জলবায়ু সংকটৰ সন্মুখীন হ’ব বুলিও বিশেষজ্ঞসকলে আশংকা ব্যক্ত কৰিছে।
বিশেষ বাৰ্তা, নতুন দিল্লী, ১৯ জুন