নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেআইনী কাৰ্যকলাপৰ প্লেটফৰ্ম টেলিগ্ৰাম

টেলিগ্ৰামৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনোৱা এখন আবেদনৰ শুনানিৰ সময়ত দিল্লী উচ্চ ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰে একাধিক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। চৰকাৰৰ দাবী অনুসৰি, NEET-সহ বিভিন্ন পৰীক্ষাৰ প্ৰশ্নপত্ৰ ফাদিল আৰু প্ৰচাৰৰ ক্ষেত্ৰত টেলিগ্ৰামৰ ব্যৱহাৰ কৰা হৈছে।

উচ্চ ন্যায়ালয়ত দাখিল কৰা উত্তৰত কেন্দ্ৰীয় চৰকাৰে কয় যে টেলিগ্ৰাম ক্ৰমাৎ “নতুন ডাৰ্ক ৱেব”ত পৰিণত হৈছে, য’ত চাইবাৰ অপৰাধী আৰু বিভিন্ন বিপজ্জনক গোটে পাৰস্পৰিক যোগাযোগ স্থাপন কৰি আছে।

চৰকাৰৰ অভিযোগ অনুসৰি, টেলিগ্ৰাম চেনেলৰ জৰিয়তে ডাৰ্ক ৱেব ফ’ৰামৰ লিংক ভাগ-বতৰা কৰা হয় আৰু Deep Web লিংকৰ সহায়ত অপৰাধীয়ে নিজৰ পৰিচয় গোপন ৰাখে। ফলত তদন্তকাৰী সংস্থাসমূহৰ বাবে তেওঁলোকক চিনাক্ত কৰাটো কঠিন হৈ পৰে।

কেন্দ্ৰীয় চৰকাৰে লগতে কয় যে, মাদক সৰবৰাহ, চাইবাৰ অপৰাধ, উগ্ৰপন্থা, সন্ত্ৰাসবাদ, শিশু যৌন নিৰ্যাতন সম্পৰ্কীয় সামগ্ৰীৰ প্ৰচাৰ, চাইবাৰ জালিয়াতি আৰু প্ৰৱঞ্চনাৰ দৰে বেআইনী কাৰ্যকলাপত টেলিগ্ৰামৰ ব্যৱহাৰ বৃদ্ধি পাইছে। প্লেটফৰ্মটোৰ গোপনীয়তা ব্যৱস্থাই এই ধৰণৰ কাৰ্যকলাপক উৎসাহিত কৰিছে বুলিও অভিযোগ উত্থাপন কৰে চৰকাৰে।

চৰকাৰৰ মতে, টেলিগ্ৰামৰ গ্ৰুপ আৰু চেনেলসমূহৰ জৰিয়তে হিংসাত্মক, উগ্ৰবাদী আৰু কট্টৰপন্থী বিষয়বস্তুৰ প্ৰচাৰ চলি আছে। সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত গোটসমূহে জনমত বিভ্ৰান্ত কৰা আৰু ৰাজহুৱা শৃংখলা বিঘ্নিত কৰাৰ উদ্দেশ্যে এই মাধ্যম ব্যৱহাৰ কৰি আছে বুলিও উল্লেখ কৰে।

শিশু যৌন শোষণ আৰু নিৰ্যাতনমূলক সামগ্ৰী (CSEAM) প্ৰচাৰৰ ক্ষেত্ৰতো টেলিগ্ৰামৰ অপব্যৱহাৰ হোৱা বুলি আদালতৰ দৃষ্টি আকৰ্ষণ কৰে কেন্দ্ৰই। ইয়াৰ উপৰি বহু টেলিগ্ৰাম চেনেলত পাইৰেটেড ছবি, ৱেব ছিৰিজ আৰু কপিৰাইট সংৰক্ষিত সামগ্ৰী ভাগ-বতৰা কৰাৰ ফলত কন্টেন্ট নিৰ্মাতাসকল আৰ্থিক ক্ষতিৰ সন্মুখীন হৈছে।

চৰকাৰে কয়, টেলিগ্ৰামৰ গোপনীয়তা সুবিধাৰ ফলত ব্যৱহাৰকাৰীয়ে নিজৰ ফোন নম্বৰ আৰু আইডি গোপন ৰাখিব পাৰে। অপৰাধীয়ে ভুৱা পৰিচয় ব্যৱহাৰ কৰি একাউণ্ট খুলি চাইবাৰ জালিয়াতি, ডাটা চুৰি আৰু বেআইনী আৰ্থিক লেনদেনৰ কামত ব্যৱহাৰ কৰে।

NCRP (National Cyber Crime Reporting Portal)-ৰ তথ্য উদ্ধৃত কৰি চৰকাৰে কয় যে, টেলিগ্ৰামৰ অপব্যৱহাৰৰ সৈতে জড়িত অভিযোগ আৰু আৰ্থিক ক্ষতি দুয়োটাই উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। বিভিন্ন হেকাৰ গোটে টেলিগ্ৰাম ব্যৱহাৰ কৰি তথ্য বিনিময়, চাইবাৰ আক্ৰমণৰ পৰিকল্পনা আৰু অভিযান সমন্বয় কৰে বুলিও অভিযোগ কৰা হৈছে।

চৰকাৰৰ অভিযোগ অনুসৰি, কিছুমান টেলিগ্ৰাম চেনেলত ‘মিউল বেংক একাউণ্ট’ৰ ক্ৰয়-বিক্ৰয়, বেংকিং ব্যৱস্থাৰ অপব্যৱহাৰ, UPI আৰু ক্ৰিপ্ট’কাৰেন্সী ভিত্তিক জালিয়াতি সম্পৰ্কীয় তথ্য বিনিময় কৰা হয়। আনকি, কিছুমান ক্ষতিকাৰক Android APK-এ টেলিগ্ৰামক Command-and-Control (C2) প্লেটফৰ্ম হিচাপে ব্যৱহাৰ কৰি ভুক্তভোগীৰ ডিভাইচৰ পৰা তথ্য চুৰি কৰে বুলিও দাবী কৰে চৰকাৰে।

ইয়াৰ উপৰি ‘Malware-as-a-Service’ মডেলৰ জৰিয়তে মেলৱেৰ টুলকিট বিক্ৰী আৰু প্ৰচাৰ কৰা, Google Play Protect Bypassৰ দৰে সেৱাৰ প্ৰচাৰ, আৰু বেংকিং সুৰক্ষা ব্যৱস্থা নিষ্ক্ৰিয় কৰাৰ উপায়ো টেলিগ্ৰাম চেনেলৰ জৰিয়তে ভাগ-বতৰা কৰা হয় বুলি অভিযোগ উত্থাপন কৰে কেন্দ্ৰীয় চৰকাৰে।

চৰকাৰৰ মতে, কিছুমান টেলিগ্ৰাম বটৰ জৰিয়তে নাগৰিকৰ মোবাইল নম্বৰ, আধাৰ সম্পৰ্কীয় তথ্য আৰু আন সংবেদনশীল তথ্যলৈ বেআইনীভাৱে প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হৈছে। এই তথ্যসমূহ বিভিন্ন ডাটা লিক আৰু সুৰক্ষা ত্ৰুটিৰ জৰিয়তে সংগ্ৰহ কৰি পিছত চাইবাৰ জালিয়াতিত ব্যৱহাৰ কৰা হয় বুলিও কেন্দ্ৰীয় চৰকাৰে আদালতক অৱগত কৰিছে।

ডিজিটেল ডেস্ক, ১৮ জুন

You might also like