নিয়মীয়া বাৰ্তা, ২৭ আগষ্টঃ টিহুত আজি দিনৰ ভাগত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। টিহুৰ ৰেলৱে ক্ৰচিং লেভেলৰ সমীপত জংঘলৰ মাজত উদ্ধাৰ কৰা হয় মৃতদেহটো। মৃতদেহটো সৰ্থেবাৰীৰ পাৰাহঁকুছিৰ নৱজিৎ তালুকদাৰ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। প্ৰাপ্ত তথ্যমতে টিহু নগৰৰ এখন চাহৰ দোকানত শ্ৰমিক হিচাপে কৰ্মৰত আছিল যুৱকজন। সেইসূত্ৰে টিহু নগৰত শাহুৱেকৰ ঘৰত পত্নী-পুত্ৰ সহিতে বাস কৰিছিল যুৱকজনে। যুৱকজনৰ দেহত আঘাতৰ চিন প্ৰত্যক্ষ কৰা হৈছে যদিও যুৱকজনৰ কেনেদৰে মৃত্যু হ’ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।
প্ৰেৰক গুণজিত কলিতা